Local, Vocal, Global

Madhya Pradesh Mass Murder: ভয়ংকৰ ঘটনা !একেটা পৰিয়ালৰ ৭জনকৈ লোকক হত্যা কৰি নিজে চৰমপন্থা বাছি লয় হত্যাকাৰীয়ে

নেশ্যনেল ডেস্ক,৩৯মে’ : ভয়ংকৰ ঘটনা ৷ একেটা পৰিয়ালৰ ৭জনকৈ লোকক হত্যা কৰি নিজে চৰমপন্থা বাছি লয় হত্যাকাৰীয়ে ।

মধ্যপ্ৰদেশৰ ছিন্দৱাৰা জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো(Madhya Pradesh Mass Murder) ।

জানিব পৰা মতে, জনজাতীয় অধ্যুষিত অঞ্চল বোদাল কছাৰ গাঁৱত এটা জনজাতীয় পৰিয়ালৰ আঠজন সদস্যক একেলগে ছুৰীকাঘাত কৰি হত্যা কৰে তাৰ পিচতে ঘৰখনৰ মুৰব্বীগৰাকীয়ে ফাঁচী লৈ আত্মহত্যা কৰে ৷

এই জঘন্য হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰি মহুলাজিৰ আৰক্ষী আৰু ছিন্দৱাৰাৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গাঁওবাসীক সোধা-পোছা অব্যাহত ৰাখিছে( Axe-Wielding Man Kills Eight Family Members) ৷

এই ভয়ংকৰ হত্যাকাণ্ডৰ সন্দৰ্ভত গাঁওবাসীয়ে কয় যে, পৰিয়ালটোৰ মুৰব্বীজন মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল । তেওঁ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰি পৰিয়ালৰ ৭ গৰাকী লোকক নৃশংসভাৱে হত্যা কৰি আত্মহত্যাৰ পথ বাচি লয় ৷

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰে আৰু আৰক্ষীৰ প্ৰাথমিক তথ্য অনুসৰি, অভিযুক্তটোৱে তেওঁৰ পিতৃ-মাতৃ আৰু সন্তানক প্ৰথমে ছুৰীৰে হানি-খুচি হত্যা কৰে । তাৰ পিচতে তেওঁ আত্মহত্যা কৰে ৷

অৱশ্যে, আৰক্ষীয়ে এই সন্দৰ্ভত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই ৷

লগতে পঢ়ক : Massive fire breaks out at Nagaon : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত কেইবাখনো দোকান