Madhepura DM’s car crushed three people : নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা জিলা আয়ুক্তৰ বাহনৰ
নেশ্যনেল ডেস্ক, ২১ নৱেম্বৰ : জিলা আয়ুক্তৰ বাহনৰ খুন্দাত নিহত ৩গৰাকীকৈ লোক, আহত দুইগৰাকীকৈ লোক । বিহাৰৰ মধুবনীৰ ৫৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷
জানিব পৰা মতে, পাটনাৰ পৰা মাধেপুৰা অভিমুখে গৈ থকা জিলা আয়ুক্ত বিজয় প্ৰকাশ মীনাৰ দ্ৰুতবেগী বাহনৰ খুন্দাত ৩ গৰাকী লোকৰ মৃত্যুৰ হোৱাৰ লগতে দুগৰাকী লোক আহত হয় ৷ আহত লোক দুজনক লগে লগে প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিএমচিএইচলৈ প্ৰেৰণ কৰা হয় ৷
উল্লেখ্য যে, জিলা আয়ুক্ত বিজয় প্ৰকাশ মীনাৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ ৰেলিঙত খুন্দিয়াই ৷ এই দুৰ্ঘটনাত ফলত বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ভাঙি চিঙি চুৰমাৰ হৈ যায় ৷ এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ফুলপাৰাছ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয়( Madhepura DM’s car crushed three people ) ৷
ইফালে এই দুৰ্ঘটনাৰ পিছতে খঙত উত্তেজিত হৈ স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ ৫৭ অৱৰোধ কৰে ৷ আনহাতে আৰক্ষীয়ে উত্তেজিত লোকসকলৰ সৈতে কথা পাতি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে ৷ ইফালে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে বাহনখনৰ চালকজনক আটক কৰে আৰু চালকজনক আৰক্ষীক গতাই দিয়ে( Madhepura Road Accident) ৷
অৱশ্যে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত বাহনখনত আয়ুক্তগৰাকী আছিল নে নাই সেই বিষয়ে এতিয়ালৈ জানিব পৰা হোৱা নাই ৷
ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তলৈ প্ৰেৰণ কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি মৃতসকলৰ ভিতৰত এটা শিশু, এগৰাকী মহিলা আৰু ৰাষ্ট্ৰীয় ঘাইপথটোত কাম কৰা এগৰাকী কৰ্মী আছিল বুলি জানিব পৰা গৈছে ৷
প্ৰত্যক্ষদৰ্শীয়ে কোৱা অনুসৰি, গাড়ীখন তীব্ৰ গতিত আহি আছিল, হঠাতে নিয়ন্ত্ৰণহীনভাৱে ডিভাইডাৰত লোককেইগৰাকীক মহতিয়াই লৈ যায় ৷
ঘটনাটোৰ পিচত বাহনখনত থকা বহু লোকে গাড়ীৰখনৰ পৰা নামি পলায়ন কৰে ৷ মৃত্যু হোৱা মহিলাগৰাকী আৰু শিশুটো ফুলপাৰাছ আৰক্ষী থানা অঞ্চলৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে ৷ মহিলাগৰাকীৰ স্বামীয়ে এখন পান দোকান চলায় ৷ একে সময়তে, মৃত কৰ্মীজনৰ পৰিচয় এই মুহূৰ্তত চিনাক্ত কৰা হোৱা নাই ।
লগতে পঢ়ক : Dibrugarh Drowning : ১৩ দিনৰ পিছত উদ্ধাৰ অনন্ত কাকতিৰ মৃতদেহ