Local, Vocal, Global

Naxalites set afire 14 vehicles : মাওবাদীৰ ভয়ংকৰ আক্ৰমণ ,অগ্নিসংযোগ ১৪ খনকৈ বাহনত

নেশ্যনেল ডেস্ক, ২৭ নৱেম্বৰ : ভয়ংকৰ ঘটনা । মাওবাদীয়ে ভয়ংকৰ আক্ৰমণ । দেওবাৰে নিশা মাওবাদীয়ে বেইলাডিলা ৰোডত বাহনত অগ্নিসংযোগ কৰে( Naxalites set afire 14 vehicles) ।

এই ঘটনা সংটিত হৈছে ছত্তীশগড়ত । ছত্তীশগড়ৰ দান্তেৱাড়া জিলাত মাওবাদীয়ে ভয়ংকৰ আক্ৰমণ কৰে । দেওবাৰে মাওবাদীয়ে ছত্তীশগড়ত প্ৰায় ১৪ খন বাহনত অগ্নিসংযোগ কৰে । বাহনসমূহ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ছত্তীশগড় দান্তেৱাড়া আৰু বেইলাডিলাৰ মাজত পথ নিৰ্মাণৰ কাম চলি আছে । এই নিৰ্মাণ কাৰ্যত জড়িত হৈ আছে আৰচি নাহৰ কোম্পানী । কোম্পানীটোৱে ভাঞ্চি আৰক্ষী থানাৰ পৰা ১ কিলোমিটাৰ দূৰত বঙালী শিবিৰৰ ওচৰত তেওঁলোকৰ শিবিৰ স্থাপন কৰিছিল । কিন্তু দেওবাৰে নিশা প্ৰায় ২ মান বজাত ১৫০ তকৈও অধিক মাওবাদী তাত উপস্থিত হয় আৰু পথ নিৰ্মাণত ব্যৱহৃত বাহনসমূহত অগ্নিসংযোগ কৰে (Machines Engaged in Construction Works in Dantewada district)।

এই ঘটনাৰ সম্পৰ্কে দান্তেৱাড়াৰ আৰক্ষী অধীক্ষক গৌৰৱ ৰায়ে কয় যে মাওবাদীয়ে বাহনসমূহত অগ্নিসংযোগ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে । মাওবাদীয়ে ঘটনাস্থলীত উপস্থিত থকা চকীদাৰজনকো ভাবুকি প্ৰদান কৰে আৰু নিৰ্মাণ কাৰ্য বন্ধ কৰাৰো ভাবুকি দিয়ে । ভৱিষ্যতেও এনে ধৰণৰ ঘটনা সংঘটিত কৰিব বুলিও মাওবাদীয়ে হুংকাৰ দিয়ে(Naxalites torch 14 vehicles, construction machines in Chhattisgarh) ।

এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে দেওবাৰে নিশা প্ৰায় ১ বজাৰ পৰা ২ বজাৰ ভিতৰত ৫০ ৰ পৰা ৬০ গৰাকী সশস্ত্ৰ মাওবাদী সেই স্থানত উপস্থিত হৈছিল । মাওবাদীয়ে তাত উপস্থিত লোকসকলৰ পৰা মোবাইল ফোন কাঢ়ি লৈছিল । ইয়াৰ পাছত মাওবাদীয়ে এফালৰ পৰা বাহনবোৰৰ পৰা ডিজেল উলিয়াই আৰু বাহনবোৰত অগ্নিসংযোগ কৰে ।

এই অগ্নিসংযোগৰ ঘটনাটোৰ পাছতে অঞ্চলটোত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে । অঞ্চলটোত নিৰাপত্তা বাহিনীৰ দলটোৱে মাওবাদীৰ বিৰুদ্ধে অভিযানো আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Uttarkashi tunnel collapse : ১৬ দিনত ভৰি দিলে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগৰ ঘটনাই; বৰ্তমানেও আৱদ্ধ ৪১ গৰাকীকৈ শ্ৰমিক