Vibrant Gujarat Summit : আৰম্ভ হ’ল বহু প্ৰত্যাশিত ভাইব্ৰেণ্ট গুজৰাট বিশ্ব সন্মিলন

নেশ্যনেল ডেস্ক, ১০ জানুৱাৰী : আৰম্ভ হ’ল বহু প্ৰত্যাশিত ভাইব্ৰেণ্ট গুজৰাট বিশ্ব সন্মিলন। বুধবাৰৰ পৰা আৰম্ভ হৈছে ২০২৪ ভাইব্ৰেণ্ট গুজৰাট বিশ্ব সন্মিলন(Vibrant Gujarat Summit )। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক সুন্দৰ উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে এই সন্মিলন উদ্বোধন কৰে । এইবাৰ ভাইব্ৰেণ্ট গুজৰাট বিশ্ব সন্মিলনৰ দশম সংস্কৰণত বিশ্বৰ বহুকেইগৰাকী নেতা, গণ্যমান্য ব্যক্তি আৰু প্ৰভাৱশালী ব্যৱসায়ীসকলৰ এক গুৰুত্বপূৰ্ণ সমাবেশ দেখা যায় । উদ্বোধনী অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মুখ্য বক্তা হিচাপে কাৰ্যসূচীৰ নেতৃত্ব দিয়ে( PM Modi says India’s port infrastructure secures new investments from UAE ) ।
গান্ধীনগৰত ভাইব্ৰেণ্ট গুজৰাট বিশ্ব সন্মিলত সংযুক্ত আৰব আমিৰেটছৰ (ইউএই) ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ানে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে । গুজৰাটত এই সন্মিলন আৰম্ভ হোৱাৰ কেইমিনিটমান পূৰ্বে শুভেচ্ছা বিনিময় কৰাৰ সময়ত দুয়োগৰাকী নেতাই কৰমৰ্দন কৰে ।
আনহাতে, গোলকীয় লজিষ্টিক মেনেজমেণ্ট আৰু সেৱা প্ৰতিষ্ঠান ডি পি ৱৰ্ল্ডে গুজৰাটত এটা কণ্টেইনাৰ টাৰ্মিনেল নিৰ্মাণ আৰু ভাৰতত অধিক বিনিয়োগৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে । কোম্পানীটোৰ অধ্যক্ষ চুলতান আহমেদ বিন চুলাইমে এই কথা কয় ।
সন্মিলনত ভাষণ প্ৰদান কৰি চুলতান আহমেদ বিন চুলাইমে কয় কোম্পানীটোৱে ভাৰতীয় লজিষ্টিক খণ্ডৰ সৈতে অংশীদাৰিত্ব অব্যাহত ৰাখিব আৰু ভাৰতীয় সামগ্ৰীসমূহক বিশ্বজুৰি প্ৰতিযোগিতামূলক আৰু সুলভ কৰি তুলিবলৈ গুজৰাট আৰু ভাৰতৰ বাকী অংশত উৎপাদন উদ্যোগসমূহক সমৰ্থন আগবঢ়াব ।
জাপানৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা উপমন্ত্ৰী হোচাকা শিনে কয়, “ভাৰত আৰু জাপান হৈছে বিশেষ কৌশলগত বিশ্ব অংশীদাৰ… এই মুহূৰ্তলৈকে জাপানী নিগমসমূহে ২০০০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ৩৮.৩ বিলিয়ন ডলাৰত উপনীত হোৱা বিনিয়োগেৰে ভাৰতত বিনিয়োগ অব্যাহত ৰাখিছে । এই পৰিমাণটো হৈছে বিশ্বত দ্বিতীয়…।
“উল্লেখ্য যে ভাৰতীয় উদ্যোগ খণ্ডৰ অন্যতম টাটা গ্ৰুপে গুজৰাটৰ ধোলেৰাত এটা অৰ্ধপৰিবাহী কাৰখানা নিৰ্মাণ কৰিব । টাটা ছন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে বুধবাৰে এই কথা কয় । দশম ভাইব্ৰেণ্ট গুজৰাট বিশ্ব সন্মিলনত ভাষণ প্ৰদান কৰি তেওঁ কয় যে টাটা গ্ৰুপে দুমাহৰ ভিতৰত সানন্দত লিথিয়াম আয়ন বেটাৰি নিৰ্মাণৰ বাবে ২০ গিগাৱাট গিগাফেক্টৰী আৰম্ভ কৰিবলৈ ওলাইছে ।
আনহাতে, দেশৰ শীৰ্ষ স্থানৰ ধনকুবেৰ গৌতম আদানিয়ে বুধবাৰে গুজৰাটত ২ লাখ কোটি টকাৰো অধিক বিনিয়োগৰ কথা ঘোষণা কৰে । মুখ্যত এক সেউজ শক্তি উদ্যান নিৰ্মাণত এই বিনিয়োগ কৰা হ’ব, যিটো মহাকাশৰ পৰাও দৃশ্যমান হ’ব । ভাইব্ৰেণ্ট গুজৰাট বিশ্ব সন্মিলনত ভাষণ প্ৰদান কৰি তেওঁ কয় যে এই বিনিয়োগে ১ লাখ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব । বিগত সন্মিলনত প্ৰতিশ্ৰুতি প্ৰদান কৰা ৫৫,০০০ কোটি টকাৰ ভিতৰত আদানি গ্ৰুপে ইতিমধ্যে ৫০,০০০ কোটি টকা ব্যয় কৰা বুলিও তেওঁ কয় ।