Local, Vocal, Global

WATCH | Lumding News : লামডিঙত উপস্থিত সৰ্বভাৰতীয় ৰে ‘লৱে সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান মনোজ যাদৱ

লামডিং,১৯এপ্ৰিল : লামডিঙত উপস্থিত সৰ্বভাৰতীয় ৰে ‘লৱে সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান মনোজ যাদৱ ৷ আজি পোনপ্ৰথনে সঞ্চালক প্ৰধান গৰাকীয়ে গুৱাহাটী ৰে’লৱে ষ্টেচনত উপস্থিত হৈ ১৩৫টা উন্নতমানৰ AI সংযুক্ত CCTV কেমেৰাৰ উন্মোচন কৰাৰ বিপৰীতে দুপৰীয়া লামডিং ৰে’লৱে জংচনত উস্থিত হৈ সমগ্ৰ ৰেলৱে জংচনটো পৰিদৰ্শন কৰে ৷

লগতে যাত্ৰীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত কেনেধৰণে আৰু অধিক উন্নত পৰিমানে সুবিধা আৰু সুৰক্ষা প্ৰদান কৰিব পাৰে তাৰ ক্ষেত্ৰতো বুজ লয় ৰে ‘লৱে সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান গৰাকীয়ে(Lumding News)৷

এই ক্ষেত্ৰত আৰু অধিক জানিবৰ বাবে তথা বিতংকৈ ৰে’লৱে বিষয়াৰ সৈতে বুজ লবৰ বাবে তেখেতে লামডিং ৰেলৱে মাণ্ডিলৰ প্ৰৱন্ধকগৰাকীৰ সৈতে এখনি গুৰুত্বপূৰ্ণ বৈঠকতো অংশ গ্ৰহণ কৰিব ৷

লগতে পঢ়ক : WATCH | Chapar News : চাপৰৰ ৰঙামাটিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা