WATCH | Lumding News : মৰণ ফান্দত লামডিং কালীবাড়ি বজাৰ সংযোগী পথ
লামডিং,১৮মে’ : মৰণ ফান্দত লামডিং কালীবাড়ি বজাৰ সংযোগী পথ। লামডিং বজাৰ সংযোগী পথটো এতিয়া জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক । বহুদিন ধৰি এটা পথটো মৰণ ফান্দত পৰিণত হৈ আছে ।
ঠিকাদাৰৰ চূড়ান্ত হেমাহি, গাফিলতি আৰু বিভাগীয় অভিযন্তাৰ কাণ্ডজ্ঞানহীনতাৰ বাবে অতি লেহেমীয়াভাৱে নিৰ্মাণ কাৰ্য চলাৰ অভিযোগ তুলিছে। লামডিঙৰ সচেতনলোকৰ মাজত পথচোৱা নিৰ্মাণৰ লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে ঠিকাদাৰজনে খৰধৰকৈ পথছোৱা নিৰ্মাণ কাৰ্য ১ বছৰৰ অধিক সময় ৰাস্তা নিৰ্মাণত লগাই ৰাখে । এইটো অতি গুৰুত্বপূৰ্ণ ৰাস্তা বজাৰৰ সংযোগী পথ( Lumding News)।
ৰাতিপুৱাৰ ভাগত এখন মালবাহী ট্ৰাক ঠিকাদাৰৰ হেমাহিৰ বাবে গাঁতত বুৰ খায় লামডিং কালিবাড়ি বজাৰৰ সংযোগী পথতত। এই পথটোৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী চিকিৎসালয় ৰোগী সকলৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে এই পথত। এই পথটো লৈ হেমাহি কিয় ঠিকাদাৰ?
সদায় কিয় ঠিকাদাৰ গাফিলতিৰ ফলত স্থানীয় ৰাইজ ভুগিবলগীয়া হয়?
লগতে পঢ়ক : WATCH | Mushalpur News: বাক্সাৰ আনন্দপুৰত বিজেপিৰ সম্বৰ্ধনা অনুষ্ঠান