WATCH | Lumding News :লামডিঙত গৰুৰ চুৰৰ তাণ্ডৱ
লামডিং,১৩মে’ : লামডিঙত সঘনাই সংঘটিত হৈ আহিছে গৰুৰ চুৰি কাণ্ড।
যোৱা ১ মে তাৰিখে নিশা পূব লামডিং খিষ্টিয়ান বস্তিত চুৰি হৈছিল দুটাকৈ গাই গৰু ।
স্বপন মালি নামৰ এজন লোকৰ গোঁহালি ঘৰৰ পৰা চুৰি হৈছিল গৰু দুটা(Lumding News)।
বৰ্তমান লোকজন লামডিং আৰক্ষী থানত এজেহাৰ দাখিল কৰিছে যদিও লামডিং আৰক্ষীয়ে এতিয়া পৰ্যন্ত গৰু কেইটাৰ সন্ধান বিচাৰি পোৱা নাই ।
গৰুৰ মালিক স্বপন মালিয়ে তিনি গৰাকী গৰু বেপাৰী উপৰ সন্দেহ প্ৰকাশ কৰিছে।
লামডিং আৰক্ষী তদন্তৰ পাছতেই পোহৰলৈ আহিব কোনে কৰিছে গৰু চুৰিৰ ঘটনা।
লগতে পঢ়ক : WATCH | Sipajhar News : দেওমৰনৈ-টেঙাবাৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী হেমন্ত কুমাৰ ডেকাৰ জয়লাভ