Lt. Gen. Upendra Dwivedi to be next Army chief : দেশৰ সেনাৰ পৰৱৰ্তী মুৰব্বী হ’ব লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী

নিউজ ডেস্ক, ১২জুন : দেশৰ সেনাৰ পৰৱৰ্তী মুৰব্বী হ’ব লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী। ৩০জুনত দ্বিবেদীয়ে গ্ৰহণ কৰিব কাৰ্যভাৰ। বৰ্তমান ভাৰতীয় সেনাৰ সহকাৰী প্ৰধান পদত আছে লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী।
তেওঁ হ’ব জেনেৰেল মনোজ পাণ্ডেৰ উত্তৰাধিকাৰী, যিয়ে ৩০ জুনত অৱসৰ গ্ৰহণ কৰিব ৷ ভাৰতৰ ৩০ সংখ্যক সেনাপ্ৰধান হিচাপে লেফটেনেণ্ট জেনেৰেল দ্বিবেদীয়ে দেশৰ উপ সেনা-প্ৰধান, উত্তৰ সেনাৰ কমাণ্ডাৰ, ডিজি ইনফেণ্ট্ৰী আৰু আন একাধিক পদত কাৰ্যনিৰ্বাহ কৰাৰ পিছত এই নতুন দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে ৷ পূৰ্বতে দ্বিবেদীয়ে চীনা আৰু পাকিস্তান সীমান্তত নিৰাপত্তাৰ খাতিৰত চলা একাধিক অভিযানত অংশগ্ৰহণ কৰিছিল(Lt. Gen. Upendra Dwivedi to be next Army chief) ৷
মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ ফালৰ পৰা জনোৱা অনুসৰি আগন্তুক ৩০ জুনত অৱসৰ ল’ব জেনেৰেল পাণ্ডেই। সেইদিনাই লেফটেনেণ্ট জেনেৰেল দ্বিবেদী তেওঁৰ স্থলাভিষিক্ত হ’ব।
উল্লেখযোগ্য যে চলিত বছৰৰ ১৫ ফেব্ৰুৱাৰীত ‘ভাইচ চীফ অব আৰ্মী ষ্টাফ’ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল লেফটেনেণ্ট জেনেৰেল দ্বিবেদী। চাৰি মাহৰ ভিতৰতে পদোন্নতি হ’ল তেওঁৰ।১৯৮৪ চনত ভাৰতীয় সেনাৰ জম্মু আৰু কাশ্মীৰ ৰাইফল্ছ ৰেজিমেণ্টেত ছেকেণ্ট লেফটেনেণ্ট পদত যোগদান কৰিছিল লেফটেনেণ্ট জেনেৰেল দ্বিবেদীয়ে। ‘নেচনেল ডিফেন্স একাডেমী’ আৰু ‘ইণ্ডিয়ান মিলিটেৰী একাডেমী’ৰ প্ৰাক্তন এইগৰাকী বিষয়াই পূৰ্বে ‘ডেপুটী চীফ অব আৰ্মী ষ্টাফ’ আৰু ‘ডিৰেক্টৰ জেনেৰেল অব ইনফেণ্ট্ৰী’ৰ দৰে গুৰুত্বপূৰ্ণ পদত সেৱা আগবঢ়াইছে।
লগতে পঢ়ক : Man dies of electric shock : উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট মৃত্যু হয় যুৱকৰ