Local, Vocal, Global

LPG Cylinder Price Cut by Rs 30: হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য

নেশ্যনেল ডেস্ক,১জুলাই : জনতালৈ কিছু সকাহ । হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।৩০টকা পৰ্যন্ত হ্ৰাস পালে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম। ১৯কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৩০টকাকৈ হ্ৰাস ।

আজিৰে পৰা এই নতুন নিৰিখ। এই ৩০টকাকৈ হ্ৰাস পোৱাৰ পাছত বৰ্তমান দিল্লীত এটা চিলিণ্ডাৰৰ দাম হলগৈ ১৬৪৬ টকা, কলকাতাত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৭৫৬টকা, মুম্বাইত এটা চিলিণ্ডাৰৰ মূল্য হলগৈ ১৫৯৮টকা। দিল্লী, মুম্বাই, কলকাতা, চেন্নাইত কমোৱা হৈছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য(LPG Cylinder Price Cut by Rs 30)।

উল্লেখ কৰা প্ৰয়োজন যে, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস হৈছে যদিও ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ্ৰাস হোৱা নাই।

লগতে পঢ়ক : Encounter in Kokrajhar : ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা; ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা