বক্সিঙ ৰিঙত দুৰ্দান্ত ৰূপত বাৰমুখীয়াৰ লাভলীনা

নিউজ ডেস্ক, ১৫ মাৰ্চঃ অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহায়ে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছতেই পুনৰ চীনৰ হাংঝাউত হ’বলগীয়া এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে।
হাইদৰাবাদৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত এছিয়ান গেমছৰ বাছনি প্ৰতিযোগিতাৰ ফাইনেলত অসম জীয়ৰী লাভলীনাই ৰে’লৱেৰ বক্সাৰ পূজাক পৰাস্ত কৰি এছিয়ান গেমছৰ পথ মুকলি কৰে।

ইয়াৰোপৰি ৬৬ কিলোগ্ৰাম ওজন শাখাৰ অসমৰ অংকুশিতা বড়োৱেও বিশ্ব চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিছে। আনহাতে ১০ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ চীনত হ’বলগীয়া এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জন কৰা ভাৰতৰ আন মহিলা বক্সাৰসকল হ’ল- মনীষা(৫৭কিলোগ্ৰাম), জেছমিন(৬০ কিলোগ্ৰাম), ছুইটী বোৰা(৭৫কিলোগ্ৰাম)।
ইফালে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনা বৰগোঁহায়ে বিগত মাহৰ পৰাই ৰাষ্ট্ৰীয় শিবিৰত অনুশীলন কৰি আছে।