Local, Vocal, Global

Lovlina Borgohain Paris Olympics 2024, Boxing: বিশ্ব ক্ৰীড়াৰ মহাযুদ্ধত অংশ ল’বৰ বাবে পেৰিছত উপস্থিত লাভলীনা বৰগোহাঁই

নিউজ ডেস্ক,২৪জুলাই : শুকুৰবাৰৰ ফ্ৰান্সৰ ঐতিহাসিক চহৰ পেৰিছত অনুষ্ঠিত হ’ব ‘দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’ অলিম্পিক। এই প্ৰতিযোগিতাখনত অংশ ল’বৰ বাবে পেৰিছত উপস্থিত লাভলীনা বৰগোহাঁই। মঙ্গলবাৰে পেৰিছ অলিম্পিকস্থলীত গৈ উপস্থিত হয় অসম কন্যা লাভলীনা বৰগঁহোই। অলিম্পিকৰ গেম ভিলেজত প্ৰৱেশ কৰিছে লাভলীনা।

তেওঁৰ লগত আছে ভাৰতীয় বক্সিং দলটোৰ প্ৰশিক্ষক মণ্ডলীৰ অন্যতম সদস্য তথা আন এগৰাকী অসম কন্যা প্ৰণামিকা বৰা। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনাৰ এইবাৰ সোণৰ পদক অৰ্জন দৃঢ় লক্ষ্যৰে অলিম্পিকস্থলীত উপস্থিত হৈছে। ৩১ জুলাইত লাভলীনাই আৰম্ভ কৰিব অলিম্পিকৰ অভিযান। ৭৫ কেজি শাখাত খেলিব লাভলীনা বৰগোহাঁইয়ে। চীনৰ লি কোৱান, মৰক্কোৰ খাদিজা এল মাৰ, অলিম্পিক ৰিফিউজি টীমৰ কিন্দি নাগমাৰ লাভলীনাৰ মূল প্ৰতিদ্বন্দ্বী(Lovlina Borgohain Paris Olympics 2024, Boxing:)।

অসম কন্যা লাভলীনাক লৈ কেৱল অসমবাসীয়েই নহয়, দেশবাসীও যথেষ্ট আশাবাদী। এইগৰাকী প্ৰতিভাৱান বক্সাৰে এইবাৰ পেৰিছ অলিম্পিকত সোণৰ পদক পোৱাটো আশা কৰিছে তেওঁৰ অনুৰাগীসকলেও।

লগতে পঢ়ক : Transformer Blast in Guwahati : অৱশেষত মৃত্যুৰে যুঁজি হাৰ মানিলে ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত আহত ৰিংকি তিৱাৰীয়ে