Local, Vocal, Global

Love jihad in Assam: ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা

জামুগুৰিহাট,২০ছেপ্তেম্বৰ : ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা । মুছলমান যুৱকে পলুৱাই নিলে হিন্দু যুৱতীক ।

যি সময়ত অসম চৰকাৰে লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ হৈছে তেনে সময়তে ৰাজ্যত লাভ জেহাদৰ ঘটনা। মুছলমান সম্প্ৰদায়ৰ যুৱকে পলুৱাই নিলে হিন্দু যুৱতীক ।

এই ঘটনাটো সংঘটিত হৈছে ৰঙাপৰাত ।ৰঙাপৰাত এগৰাকী হিন্দু ধৰ্মীয় যুৱতীক ইছলাম ধৰ্মীয় যুৱকে পলোৱাই নিয়াৰ পাছতে এতিয়া লাভ জেহাদৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, ইছলাম ধৰ্মীয় এজন যুৱকে নিজকে হিন্দু ধৰ্মীয় যুৱক হিচাপে পৰিচয় দি প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল এগৰাকী যুৱতীৰে। পাছত এই যুৱকজনে বিভিন্ন প্ৰলোভন দি যুৱতীগৰাকীক পলোৱাই লৈ যায়।

নিজৰ পৰিচয় সলনি কৰা এই যুৱকজন মিটচাপ্লাইৰ ইছমাইল আলী । মিটচাপ্লাইৰ ভৰালীবস্তীৰ যুৱক ইছলাইল আলীয়ে নিজকে পৰিচয় দিছিল অজয় কৰ্মকাৰ বুলি। এই পৰিচয়ৰেই যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়া ইছমাইলে আনকি যুৱতীগৰাকীৰ পৰিয়ালৰ আগতো নিজকে চাহ জনগোষ্ঠীয় যুৱক হিচাপেই পৰিচয় দিছিল(Love jihad in Assam)।

১৬ ছেপ্টেম্বৰত যুৱতীগৰাকীক ৰে’লৰে ইছমাইলে পলোৱাই নিয়াৰ পিছত যুৱতীগৰাকীৰ পৰিয়ালৰ লোক গৈ ইছমাইলৰ বাসগৃহত উপস্থিত হয়। তেতিয়াহে তেওঁলোকে ইছলাইলে পূৰ্বে দিয়া চাহ জনগোষ্ঠীয় পৰিচয় আৰু অজয় কৰ্মকাৰ বুলি নিজকে দিয়া পৰিচয় যে ভুৱা সেয়া পোহৰলৈ আহে ।

ইয়াৰ পিছতেই যুৱতীগৰাকীৰ পৰিয়াল ৰঙাপৰা আৰক্ষীৰ কাষ চাপে আৰু এজাহাৰ দাখিল কৰে।ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপ জ্যোতি ভৰালীয়ে ইছমাইলৰ মোবাইল লোকেচনৰ ভিত্তিত ৰে’ল আৰক্ষীৰ সহায়ত দুয়োকে সমষ্টিপুৰ ৰে’লৱে ষ্টেচনত আটক কৰিবলৈ সক্ষম হয় ৷

নিজৰ পৰিচয় গোপনে ৰাখি এক ভুৱা পৰিচয়েৰে চাহ জনগোষ্ঠীয় যুৱতীগৰাকীক প্ৰেমৰ জালত পেলাই পলোৱাই নিবলৈ চেষ্টা কৰাৰ এই সকলো কাহিনী পোহৰলৈ অহাত এতিয়া যুৱতীগৰাকীৰ পৰিয়ালৰ সন্দেহ ইছমাইলে বহিঃৰাজ্যত যুৱতীগৰাকীক বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল। পৰিয়াল আৰু স্থানীয় ৰাইজৰ এনে সন্দেহৰ মাজতে অৱশ্যে আৰক্ষীয়ে ইছমাইল আলীক জে’ললৈ প্ৰেৰণ কৰিছে।

লগতে পঢ়ক :PM Modi visits exhibition at National ‘PM Vishwakarma’ Programme in Wardha : মহাৰাষ্ট্ৰৰ ‘পিএম বিশ্বকৰ্মা’ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ