বিফল হোৱা আধুনিক প্ৰেমৰ অসাধাৰণ ৰূপ

ডিজিটেল ডেস্ক: প্ৰেম এক সুন্দৰ অনুভৱ । শব্দত প্ৰকাশ কৰা বা মুখেদি কোৱাতকৈ প্ৰেমক অনুভৱহে কৰিব পাৰি । প্ৰেমৰ পৰিসৰ যথেষ্ট বহল যদিও আধুনিক যুগৰ প্ৰেম অলপ পৃথক৷
বৰ্তমান যুগত লাহে লাহে প্ৰেম আত্মহত্যা আৰু অগ্ৰাসনৰ বিষয় লৈ পৰিণত হ’বলৈ আৰম্ভ কৰিছে৷
অলপ বহল পৰিসৰৰ পৰা চালে প্ৰেম হল এজনে আনজনৰ লগত কিমান বিকশিত হৈছে , কঠিন সময়ৰ মাজতো ইজনে আনজনৰ সহযোগিতাত কেনেকৈ জীৱনটো উপভোগ্য কৰি তুলিব পৰিছে , বস্তুবাদ , বাহ্যিক সৌন্দৰ্যৰ পৰিধি ভাঙি কেনেকৈ সুন্দৰ জীৱন যাপন কৰিছে সেয়াই প্ৰেম ।
কিন্ত বৰ্তমান যুগত প্ৰেমে স্বকীয়তা হেৰুৱাইছে ।
অতি আধুনিকীকৰণে মনবোৰৰ লগতে প্ৰেমকো কৃত্ৰিম আৰু কলুষিত কৰি তুলিছে । প্ৰেমত পৰাৰ আগত আনকি পিছতো এশবাৰ ভাবিবলৈ বাধ্য হব লগা হৈছে আজিৰ সমাজৰ উঠি অহা প্ৰজন্মই ।
তাৰেই এক প্ৰমান হ’ল এই ভিডিঅটি, এগৰাকী যুৱতী এনেদৰে ৰাজপথত পথচাৰীৰ গাড়ী ৰখাই প্ৰেমত বিফল হোৱাৰ ফলত এনেদৰে তান্দৱ চলালে৷
এখনৰ পাছত আন এখন বাহন ৰখাই বাহনৰ ওপৰত বহি কান্দি চিঞৰী দুখ প্ৰকাশ কৰিলে যুৱতীগৰাকীয়ে৷
আচলতে এই দৃশ্য মধ্য প্ৰদেশৰ বুলি জানিব পৰা গৈছে, মাজৰাজপথত এনেদৰে যুৱতীগৰাকীৰ অসাধাৰন আচৰণে হতভম্ব কৰিছে একাংশ লোকক৷
এতিয়া প্ৰশ্ন হয় এইয়াই নেকি আধুনিক যুগৰ প্ৰেম ?
আপুনি কিমান যুক্তিপূৰ্ণ বুলি ভাৱে এগৰাকী যুৱতীৰ এনে আচৰনক?