G20 summit : ভাৰত ভ্ৰমণৰ বাবে আগ্ৰহী আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন

ইন্টাৰনেশ্যনেল ডেস্ক, ৪ছেপ্টেম্বৰ : নতুন দিল্লীত অনুষ্ঠিত হ’ব G-20 শীৰ্ষ সন্মিলন ৷ ৯ আৰু ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব এই সন্মিলন । এই সন্মিলনত অংশগ্ৰহণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে । ভাৰত ভ্ৰমণৰ বাবে আগ্ৰহী আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন( Looking forward to India trip) ।
সাংবাদিকৰ সৈতে হোৱা এক কথা-বতৰাত আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে এই মন্তব্য কৰে । ইয়াৰ উপৰিও আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ নকৰাত হতাশ হোৱা বুলিও কয়(G20 summit) ।
উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই সপ্তাহত ভাৰত ভ্ৰমণৰ বাবে আগ্ৰহেৰে বাট চাই আছে যদিও চীনৰ ঝি জিনপিঙে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ নকৰাত হতাশ হৈছে(Looking forward to India trip disappointed Xi not attending G20 summit President Biden)।
অহা ৭ ছেপ্টেম্বৰত জি-২০ সন্মিলনত অংশগ্ৰহণৰ বাবে বাইডেনে ভাৰত ভ্ৰমণ কৰিব আৰু ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব বুলি শুকুৰবাৰে হোৱাইট হাউছে ঘোষণা কৰে।
জি-২০ৰ বৰ্তমানৰ সভাপতি হিচাপে ভাৰতে ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীত এই প্ৰভাৱশালী গোটৰ বাৰ্ষিক শীৰ্ষ সন্মিলন আয়োজন কৰিছে।
জো বাইডেনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে দেওবাৰে সাংবাদিকসকলে বাইডেনক প্ৰশ্ন কৰে যে, তেওঁ ভাৰত আৰু ভিয়েটনাম ভ্ৰমণৰ বাবে আগ্ৰহী নেকি? ভাৰত আৰু ভিয়েটনাম ভ্ৰমণৰ বাবে বাইডেন আগ্ৰহী নেকি বোলা সোধা প্ৰশ্নৰ উত্তৰত বাইডেনে “হয়, মই আগ্ৰহী” বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷
প্ৰধানমন্ত্ৰী মোদীয়ে আয়োজন কৰা নতুন দিল্লীত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনত দুডজনৰো অধিক বিশ্ব নেতাৰ সৈতে বাইডেনে অংশগ্ৰহণ কৰাৰ কথা আছে ।
শেহতীয়া সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা নাই। জি-২০ নেতা সন্মিলনত ৰাষ্ট্ৰপতি ছিয়ে অংশগ্ৰহণ কৰা সন্দৰ্ভত চীনৰ পৰা লিখিত নিশ্চিতকৰণৰ বাবে ভাৰতে অপেক্ষা কৰি আছে বুলি শুকুৰবাৰে জি-২০ৰ বিশেষ সচিব মুক্তেশ পাৰ্দেশীয়ে প্ৰকাশ কৰে( Looking forward to India trip)।
ইতিমধ্যে জি-২০ৰ অংশগ্ৰহণ নিশ্চিত কৰা জি-২০ নেতাসকলৰ ভিতৰত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ, জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্বলজ, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাক, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিডা আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা চিলভাও ।
মোদীয়ে অহা ১০ ছেপ্টেম্বৰত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলাক G 20 ৰ অধ্যক্ষতাৰ ভাৰ অৰ্পণ কৰিব। ১ ডিচেম্বৰত ব্ৰাজিলে আনুষ্ঠানিকভাৱে জি-২০ ৰ অধ্যক্ষতা কৰিব ।
জি-২০ৰ সদস্য দেশসমূহে বিশ্বৰ জিডিপিৰ প্ৰায় ৮৫ শতাংশ, বিশ্ব বাণিজ্যৰ ৭৫ শতাংশতকৈ অধিক আৰু বিশ্বৰ জনসংখ্যাৰ প্ৰায় দুই তৃতীয়াংশক প্ৰতিনিধিত্ব কৰে।
এই গোটত আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, কোৰিয়া গণৰাজ্য, মেক্সিকো, ৰাছিয়া, চৌদি আৰব, দক্ষিণ আফ্ৰিকা, তুৰস্ক, ব্ৰিটেইন, আমেৰিকা আৰু ইউৰোপীয় দেশসমূহ অন্তৰ্ভুক্ত কৰা হৈছে ।
লগতে পঢ়ক : Palladam Family Murder : নৃশংস হত্যাকাণ্ড ; মূৰ কাটি হত্যা একেটা পৰিয়ালৰৰ চাৰিজনকৈ লোকক