Local, Vocal, Global

Newly constructed Assam Assembly building :  আজি মুকলি কৰা হ’ব অসম বিধানসভাৰ নৱ-নিৰ্মিত ভৱন

নিউজ ডেস্ক, ৩০ জুলাই : অতীত হ’ব অসম বিধান সভাৰ পুৰণি ভৱন (Newly constructed Assam Assembly building)৷ দেওবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উপস্থিতিত মুকলি হ’ব অসম বিধান সভাৰ নৱনিৰ্মিত ভৱন (Lok Sabha Speaker Om Birla)৷ বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিৰে সজোৱা হৈছে বিধানসভাৰ ভিতৰচ’ৰা।

আজি মুকলি কৰা হ’ব অসম বিধানসভাৰ নৱ-নিৰ্মিত ভৱন (Newly constructed Assam Assembly building)। এই নতুন ভৱনটো উদ্বোধন কৰিব লোকসভাৰ অধ্যক্ষ ঔম বিৰলাই (Lok Sabha Speaker Om Birla) । বিধানসভাৰ এই স্থায়ী ভৱনটো নিৰ্মাণৰ দায়িত্বত আছিল ছিমফ্লেক্স ষ্ট্ৰাক্সাৰ। ১৮,৪৫৯ বৰ্গ মিটাৰৰ এই নতুন ভৱনটোৰ নিৰ্মাণৰ ব্যয় ২৩৪ কোটি টকা ধাৰ্য কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত এই ব্যয় ৩৫১ কোটিলৈ বৃদ্ধি হয়।

ইতিমধ্যে অসম বিধানসভাৰ স্থায়ী ভৱনটো সজাই-পৰাই তোলা হৈছে। লগতে সজাই-পৰাই তোলা হৈছে ভৱনটোৰ চৌপাশ। অসমবাসীয়ে লাভ কৰিব স্থায়ী বিধানসভা ভৱন।

প্ৰায় ৩৫১ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা স্থায়ী ভৱনটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি দলৰ আন আন মন্ত্ৰী-বিধায়ক তথা কৰ্মকৰ্তাৰ উপস্থিতিত অসম বিধানসভাৰ স্থায়ী ভৱনটো লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উদ্বোধন কৰিব।

ইফালে ১৫ মহলীয়া এই ভৱনটোত থাকিব অত্যাধুনিক বহুতো সুবিধা । ২০০৮ চনতেই এই নতুন অসম বিধানসভাৰ ভৱনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। নতুন ভৱনটো উদ্বোধনৰ বাবে সজাই-পৰাই তোলা হৈছে ইতিমধ্যে । মুঠ ১০ একৰ মাটিত থাকিব ৩টা ভৱন। মূল ভৱনৰ প্ৰথম মহলাত ১৭২জন বিধায়ক বহিব পৰাকৈ আসনৰ ব্যৱস্থা কৰা হৈছে। আনহাতে ভৱনটোৰ সন্মুখ ভাগত এখন আটকধুনীয়া ফুলনি বাগিচাৰো ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য কংগ্ৰেছ চৰকাৰৰ দিনতে জনতা ভৱনৰ কাষতে নতুনকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল অসম বিধানসভা। কিন্তু কংগ্ৰেছৰ একাংশ মন্ত্ৰী, আমোলাৰ কমিচনৰ অংকত আধৰুৱা হৈ পৰি থাকিল ভৱনৰ নিৰ্মাণৰ কাম কাজ । কিন্তু বিজেপি দল শাসনত অহাৰ পিছত ৰাজ্য চৰকাৰে আধৰুৱা হৈ পৰি থকা এই ভাৱনটোক পুনৰ নিৰ্মাণ কৰি সম্পূৰ্ণ কৰি তুলিলে ।

আনহাতে অসম বিধান সভাৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰাৰ পূৰ্বে শুকুৰবাৰে নতুন বিধানসভাৰ চৌহদত অনুষ্ঠিত হ’ল গণেশ পূজা আৰু বাথৌ পূজা ।

অসম বিধানসভাৰ নতুন ভৱন উদ্বোধন হোৱাৰ পিছত প্ৰতিটো অধিবেশন অনুষ্ঠিত হ’ব এই নতুন ভৱনত। আৰু অতীত হৈ পৰিব অসম বিধান সভাৰ এই পুৰণি ভৱনটো।

লগতে পঢ়ক : BJP National Secretary: বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব কামাখ্যা প্ৰসাদ তাছাক