Lok Sabha Elections 2024 Phase 5 : আজি লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ;পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া
নিউজ ডেস্ক,২০মে’ : আজি দেশত পঞ্চম পৰ্যায়ৰ ভোটদান পৰ্ব। আজি দেশৰ ৮খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত এলেকাত অনুষ্ঠিত হয় ভোটগ্ৰহণ।আজি বিহাৰ, জম্মু আৰু কাশ্মীৰ, লাডাখ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগত অনুষ্ঠিত হয় নিৰ্বাচন(Lok Sabha Elections 2024 Phase 5 )।
পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। প্ৰতিটো ভোটকেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ মাজত আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। বিহাৰৰ ৫খন আসন, ঝাৰখণ্ডৰ ৩খন আসন, মহাৰাষ্ট্ৰৰ ১৩খন আসন, ওড়িশাৰ ৫খন আসন, উত্তৰ প্ৰদেশৰ ১৪খন আসন, পশ্চিম বংগৰ ৭খন আসন, জম্মু কাশ্মীৰ আৰু লাডাখৰ এখনকৈ আসনৰ বাবে হৈছে ভোটযুদ্ধ। ইপিনে ৪৯ সমষ্টিত আজি EVMত বন্দী হ’ব ৬৯৫ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য। ৬৯৫ গৰাকী প্ৰাৰ্থীৰ ৮২গৰাকীয়েই মহিলা প্ৰাৰ্থী (Voting begins in 49 seats)।
পঞ্চম পৰ্যায়ৰ ভোটদানত দেশ কেইবাগৰাকী হাইপ্ৰফাইল নেতাই প্ৰতিদ্বন্দিতা আগবঢ়াই। পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, স্মৃতি জুবিন ইৰাণী, পীয়ুষ গোৱেল, বিৰোধী নেতা ৰাহুল গান্ধী আদি ভালেকেইগৰাকী হাইপ্ৰফাইল নেতা এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
ইফালে, আজি ভাগ্য নিৰ্ণয় হ’ব ৰায়বেৰেলী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিছে বিজেপি প্ৰাৰ্থী দীনেশ প্ৰতাপ সিং। একেদৰে উত্তৰ প্ৰদেশৰ আমেথি সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ। স্মৃতি ইৰাণীৰ বিৰুদ্ধে আছে কংগ্ৰেছ প্ৰাৰ্থী কিশোৰী লাল শৰ্মা। লক্ষ্ণৌ সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব বৰ্তমানৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ। ক্ৰমাগত তৃতীয় বাৰৰ বাবে লক্ষ্ণৌ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ৭২ বছৰীয়া বিজেপি নেতা তথা উত্তৰ প্ৰদেশৰ পূৰ্বৰ মুখ্যমন্ত্ৰী ৰাজনাথ সিঙে।