Local, Vocal, Global

Lok Sabha Elections 2024 Phase 4 : আজি দেশত চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ;পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

নেশ্যনেল ডেস্ক,১৩মে’ : আজি দেশৰ ৯খন ৰাজ্যৰ চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। সোমবাৰে পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

সোমবাৰে পুৱা ৭বজাৰ পৰা দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্রীয় শাসিত অঞ্চলৰ ৯৬টা সমষ্টিত ভোটগ্রহণ চলি আছে।

ইয়াৰ ভিতৰত অন্ধ্র প্রদেশৰ ২৫টা, তেলেংগানাৰ ১৭টা, উত্তৰ প্ৰদেশৰ ১৩টা, মহাৰাষ্ট্ৰৰ ১১টা, মধ্য প্রদেশ আৰু পশ্চিম বংগৰ ৮টাকৈ, বিহাৰৰ ৫টা, ওড়িশা আৰু ঝাৰখণ্ডৰ ৪টাকৈ আৰু কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ এটা সমষ্টি আছে(Lok Sabha Elections 2024 Phase 4)।

এইবাৰ লোকসভা নিৰ্বাচনৰ ৯খন ৰাজ্যৰ মুঠ ১৭১৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। লোকসভাৰ চতুর্থ পৰ্যায়ৰ সমান্তৰালভাৱে অন্ধ্রপ্রদেশৰ ১৭৫ জনীয়া বিধানসভাৰ আটাইকেইখন আসন আৰু ওড়িশা বিধানসভাৰ ১৪৭ খন আসনৰ ২৮ খনৰ বাবে ভোটগ্রহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। চতুর্থ পৰ্যায়ৰ নিৰ্বাচনত কেইবাগৰাকী হেভীৱেট প্ৰাৰ্থীৰ ভাগ্য নির্ণয় হ’ব।

এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে- উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী অখিলেশ যাদৱ। কনৌজ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে। তেওঁৰ পত্নী ডিম্পল যাদৱে ময়নপুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

লগতে পঢ়ক : Body Of Missing Man Found In Chaygaon : পথৰ দাঁতিত উৱঁলি যোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ