Lok Sabha elections : ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে ৰাজনৈতিক দলে

মৰিগাঁৱ, ১১ জুন: ২০২৪ ত দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন (Lok Sabha elections 2024)। নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে বিভিন্ন ৰাজনৈতিক দলে
সমাগত ২০২৪ৰ লোকসভা নিৰ্বাচন(Lok Sabha elections 2024)। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো নিৰ্বাচনী ৰণডংকা বজাবলৈ আৰম্ভ কৰিছে ইতিমধ্যে নটা বছৰ অতিক্ৰম কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃতাধীন শাসকীয় বিজেপি দলৰ লগতে বিভিন্ন বিৰোধী ৰাজনৈতিক দল সমূহে।
ইফালে গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণকলৈ অধিক ব্যস্ত বিজেপি দল । গৃহমন্ত্ৰীগৰাকীৰ অসম আগমণকলৈ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে ইতিমধ্যে বিভিন্ন নিৰ্বাচনী কাৰ্যসূচী হাতত লৈছে । সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও লোকসভা সমষ্টিতো আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে বিভিন্ন নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে।
মন্ত্ৰী পীযুষ হাজৰিকা সহযোগত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজুজুয়ে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও, মৰিগাঁও, ধিং, লামডিং আদি বহুকেইটা বিধান সভা সমষ্টিত জনসম্পৰ্ক অভিযানকলৈ বিজেপিৰ দলীয় কাৰ্যকৰ্তাৰ লগতে ৰাইজৰ লগত মতবিনিময় তথা সজাগতা সভাৰ আয়োজন কৰিছে । দলটোক আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সবল কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। মন্ত্ৰী পীযুষ হাজৰিকাই মৰিগাঁৱত দলৰ বিভিন্ন কাৰ্যকৰ্তাৰ লগত সভা অনুষ্ঠিত কৰি লোকসভা নিৰ্বাচনত কেনেদৰে দলীয় কৰ্মকৰ্তাৰ ভূমিকা সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰাও পৰিলক্ষিত হৈছে। বিজেপিকেলৈ অন্যান্য বিৰোধী দলসমূহৰ নিৰ্বাচনী তত্পৰতাৰ বিপৰীতে আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনকলৈ ভাৰতীয় কংগ্ৰেছ দলটোৰ কোনো বিশেষ তত্পৰতা পৰিলক্ষিত হোৱা নাই ।
বিশেষকৈ মৰিগাঁও বিধান সভা সমষ্টিৰ সদ্যপ্ৰয়াত প্ৰাক্তন বিধায়িকা তথা জেষ্ঠ কংগ্ৰেছ নেত্ৰী জোনজোনালী বৰুৱাৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিসহ বহু জেষ্ঠ নেতাৰ মৰিগাঁৱলৈ আগমন ঘটিছে । যদিও বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দলৰ বিষয়ববীয়া আৰু কৰ্মীসকলৰ লগত জিলা কংগ্ৰেছ কাৰ্য্যালয়ত মতবিনিময়তে সীমাবদ্ধ থকা পৰিলক্ষিত হৈছে। ইয়াৰ বিপৰীতে কোনো ধৰণৰ ৰাজনৈতিক কূটকৌশল পৰিলক্ষিত হোৱা নাই ।
লগতে পঢ়ক :Ambubachi mela : অম্বুবাচী মেলাৰ প্ৰস্তুতি,নিৰ্ধাৰণ কেতবোৰ নীতি-নিৰ্দেশনা