Lok Sabha Election Phase 7 :দেশৰ ভিন্ন প্ৰান্তৰ ভোটকেন্দ্ৰত ভোটাৰৰ ভিৰ;দিনৰ ১.৩০ বজালৈকে সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ হৈছে- ৪০.০৯ শতাংশ

নিউজ ডেস্ক,১জুন : আজি লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭বজাৰ আৰম্ভ হৈছে ভোটগ্ৰহণ । আজি ৮ ৰাজ্যৰ ৫৭ টা সমষ্টিত অনুষ্ঠিত ভোটগ্ৰহণ। EVMত বন্দী হ’ব ৯০৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য(Lok Sabha election phase 7)।
এই অন্তিম তথা সপ্তম পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খন, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু চণ্ডীগড়ৰ ১খন সংসদীয় আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন।
আজিৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী ৰথী-মহাৰথীৰ। অন্তিম পর্যায়ত মুঠ ৯০৪ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। বাৰাণসী সমষ্টিত তৃতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। মোডীক প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ে।
দেশৰ ভিন্ন প্ৰান্তৰ ভোটকেন্দ্ৰত ভোটাৰৰ ভিৰ। দিনৰ ১.৩০ বজালৈকে সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ হৈছে- ৪০.০৯ শতাংশ(40.9% voter turnout till 1:30 pm) ।
জানিব পৰা মতে, দিনৰ ১.৩০বজালৈকে বিহাৰত ভোটদানৰ হাৰ হৈছে ৩৫.৬৫শতাংশ। চণ্ডীগড়ত ৪০.১৪শতাংশ,ঝাৰখণ্ডত ৪৬.৮০শতাংশ, ওড়িশাত ৩৭.৬৪ শতাংশ, পাঞ্জাৱত ৩৭. ৮০শতাংশ, হিমাচলত ৪৮.৬৩শতাংশ, উত্তৰ প্ৰদেশত ৩৯.৩১শতাংশ আৰু পশ্চিম বংগত ৪৫.০৭শতাংশ ভোটদান সাব্যস্ত হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিদ্বন্দ্বিতা কৰা বাৰাণসীত ১১.৩০বজালৈকে ভোটদানৰ হাৰ হৈছে ৩৯.২৫ শতাংশ। ইফালে কংগণা ৰাণাৱটে প্ৰতিদ্বন্দ্বিতা কৰা মাণ্ডি সমষ্টিত ভোটদানৰ হাৰ এতিয়ালৈকে ৫০.৫৪ শতাংশ।
লগতে পঢ়ক : Milk Price Hiked In Guwahati : জনতাৰ ওপৰত চৰকাৰৰ আন এক মাধমাৰ; গুৱাহাটীত পুনৰ বাঢ়িল গাখীৰৰ মূল্য