Local, Vocal, Global

Lok Sabha election phase 7 : আজি লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ;পুৱা ৭বজাৰ আৰম্ভ হৈছে ভোটগ্ৰহণ

নিউজ ডেস্ক,১জুন : আজি লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭বজাৰ আৰম্ভ হৈছে ভোটগ্ৰহণ । আজি ৮ ৰাজ্যৰ ৫৭ টা সমষ্টিত অনুষ্ঠিত ভোটগ্ৰহণ। EVMত বন্দী হ’ব ৯০৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য(Lok Sabha election phase 7)।

এই অন্তিম তথা সপ্তম পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খন, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু চণ্ডীগড়ৰ ১খন সংসদীয় আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন।

আজিৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী ৰথী-মহাৰথীৰ। অন্তিম পর্যায়ত মুঠ ৯০৮ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। বাৰাণসী সমষ্টিত তৃতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। মোডীক প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ে।

পুৱাই টুইটাৰযোগে ভোটাৰ ৰাইজলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে তেওঁৰ এটা পোষ্ট কয় যে আজি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায় ৷ সকলো ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব বুলি তেওঁ আশা কৰিছে । তেওঁ কয় যে সকলোৱে মিলি নিজৰ গণতন্ত্ৰক অধিক সাব্যস্ত কৰিব লাগে ৷