Local, Vocal, Global

Lok Sabha Election in Arunachal Pradesh 2024 : একেদিনাই দুটাকৈ নিৰ্বাচনৰ বাবে ভোটদান কৰিব অৰুণাচলবাসীয়ে

নিউজ ডেস্ক, ১৭ মাৰ্চ : একেদিনাই দুটাকৈ নিৰ্বাচনৰ বাবে ভোটদান কৰিব অৰুণাচলবাসীয়ে । ১৯ এপ্ৰিলত অৰুণাচল লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন ।

অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত এতিয়া উখল মাখল পৰিবেশ কাৰণ এইখন ৰাজ্যত বিধানসভা আৰু লোক সভা নিৰ্বাচন একে দিনাই অনুষ্ঠিত হব অহা ১৯ এপ্ৰিল দিনা।
নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতেই My News NEৰ সংবাদিকে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ ৫৭ নং বগাপানী বৰদুৰীয়া সমষ্টিৰ দুখন গাঁও চাশা আৰু লংগোলৈ গৈ নিৰীক্ষণ কৰিছিল নিৰ্বাচনী কুচকাৱাজ।

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ ৫৭ নং বগাপানী বৰদুৰীয়া সমষ্টিত 70 % নক্টে সম্প্ৰদায়ৰ লোক(Lok Sabha Election in Arunachal Pradesh 2024)।

গাঁৱৰ ৰাজ্য সংবাদিকক জনাই যে টিৰাপ জিলাৰ বগাপানী বৰদুৰীয়া সমষ্টিৰ একে ৰাহে ২০ বছৰ ধৰি বিধায়ক ৱাংলিন লোয়াংডঙে শাসন কৰি আহিছে আজি পৰা ৫ দিন আগত এক গণ যোগদান আৰু বাৰ্তালাপ কাৰ্যসূচীৰ সময়ত বৰদুৰীয়া বোগাপানি বিধান সভা সমষ্টিৰ প্ৰায় তিনি হাজাৰ ভোটাৰে বিজেপিত যোগদান কৰে আৰু শেহতীয়াকৈ কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা বিধায়ক ৱাংলিন লোয়াংডঙে এই কাৰ্যসূচী আৰম্ভ কৰিছিল।

গাঁৱৰ ৰাজ্য সংবাদিকক জনাই যে ৱাংলিন লোয়াংডঙে সবল নেতৃত্বত বগাপানী বৰদুৰীয়া সমষ্টিত বহুত উন্নয়নমূলক কাম হল আৰু তেওঁ বিধায়ক পুঁজিৰ সম্পূৰ্ণ ধন খৰছ কৰি ৰাস্তা, নলা,বিদ্যালয়, চিকিৎসালয়, জল জীৱন মিছন সম্পুৰ্ণ কৰিছে আৰু এই নিৰ্বাচনত ১০,০০০ ভোটদাতা থকা বগাপানী বৰদুৰীয়া সমষ্টিৰ ৰাজ্য এ তেওঁক পুনৰ অৰুণাচল প্ৰদেশ বিধান সভাত তেওঁক জিকাই পঠাব।

লগতে পঢ়ক : Teen missing while bathing in Kopili River : কপিলী নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ