Local, Vocal, Global

Lok Sabha Election 2024 Result : কোনে ক’ত লাভ কৰিছে অগ্ৰগতি

নিউজ ডেস্ক,৪জুন : ৫ নং গুৱাহাটী লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ অগ্ৰগতি ৷ মীৰা বৰঠাকুৰতকৈ 92,820 ভোটৰ ব্যৱধানত অগ্ৰগতি জেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ ।মেধিয়ে লাভ কৰিছে 3,00,797 টা ভোট ৷ মীৰা বৰঠাকুৰে লাভ কৰিছে 2,07,977 টা ভোট ৷

৪ নং দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই অগ্ৰগতি । 2,89,807 ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দ্বী মাধৱ ৰাজবংশীতকৈ 1,03,373 টা ভোটত অগ্ৰগতি ৷ মাধৱ ৰাজবংশীয়ে লাভ কৰিছে 1,86,434 টা ভোট ৷ বি পি এফৰ প্ৰাৰ্থী দুৰ্গা দাস বড়োৱে লাভ কৰিছে 97,758 টা ভোট ৷

ডিফুত অমৰছিং তিছ’ৰ অগ্ৰগতি । 6 নং ডিফু লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’ লাভ কৰিছে 1,24,805 টা ভোট ৷ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী জন ইংতি কাথাৰে লাভ কৰিছে 88,056 টা ভোট ৷ সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেঙে লাভ কৰিছে 53,149 টা ভোট ৷ প্ৰায় 36,749 টা ভোটত সমষ্টিটোত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থীগৰাকী ৷

বিজয়ৰ নিশ্চিত সৰ্বানন্দ সোণোৱালৰ । ৪ লাখ ৫০ হাজাৰৰো অধিক ভোটত অগ্ৰগতি সৰ্বানন্দ সোণোৱালৰ

কৃপানাথ মাল্লাৰ অগ্ৰগতি । কৰিমগঞ্জত ৫০০০ ভোটত কৃপানাথ মাল্লাৰ অগ্ৰগতি

একাদশ ৰাউণ্ডৰ অন্তত বঙাইগাঁৱত ৪৬,৫৫২ ফণীভূষণ চৌধুৰীৰ অগ্ৰগতি। দীপ বায়নে লাভ কৰিছ ২৭২১ টা ভোট

যোৰহাটত বিজয়ৰ দিশে গৌৰৱ গগৈ । ৭১ হাজাৰ ভোটত অগ্ৰগতি গৌৰৱৰ ।

লগতে পঢ়ক : Lok Sabha Election 2024 Result : কোনে ক’ত লাভ কৰিছে অগ্ৰগতি