Local, Vocal, Global

Lok Sabha Election 2024 Result : আজি লোকসভা নিৰ্বাচনৰ ফলাফল; কোনে মাৰিব বিজয়ৰ হাঁহি?

নিউজ ডেস্ক,৪জুন : আজি দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফলৰ দিন। পুৱা ৮ বজাত আৰম্ভ হ’ল ভোটগণনা। ভোটগণনাক লৈ দেশজুৰি ব্যাপক জল্পনা কল্পনা।

উল্লেখ্য যে, দেশত ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ সাতটা পৰ্যায়ত অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচন। দেশৰ ৫৪৩ টা সংসদীয় সমষ্টিৰ ফলাফলে নিৰ্ণয় কৰিব অহা পাঁচ বছৰলৈ কোন হ’ব দেশৰ ১৪০ কোটি জনতাৰ ভাগ্য নিয়ন্তা(Lok Sabha Election 2024 Result)।

লোকসভা নিৰ্বাচনৰ ভোটগণনাকলৈ উন্মুখ দেশবাসী। ৰাজ্যৰ ১৪টা সংসদীয় সমষ্টিৰ লগতে দেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ সমষ্টিৰ ফলাফলৰ প্ৰতি দৃষ্টি নিবদ্ধ দেশবাসীৰ।