Local, Vocal, Global

Locusts attack crops in Majuli : মাজুলীৰ শ-শ কৃষকৰ মাজত হাহাকাৰ

নিউজ ডেস্ক,২৭জুলাই : ভয়াৱহ ৰূপ ধাৰণ ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া কৃষক ৰাইজৰ হাহাকাৰ ৷

মাজুলীৰ শ-শ কৃষকৰ মাজত এতিয়া হাহাকাৰ ৷ পৰিতাপৰ কথা যে কপালৰ ঘাম মাটিত পেলাই অতি কষ্টেৰে কৰা খেতি দৰাত ভূতৰ ওপৰত দানহ পৰা দি পৰিছে চৰহা পোক।সেউজীয়া হ’বলৈ আৰম্ভ কৰা ধাননি পথাৰ খনত এফালৰ পৰা তাণ্ডৱ চলাইছে চৰহা পোকে । তাকে লৈ এতিয়া মুৰে কপালে হাত দিছে কৃষক সকলে(Locusts attack crops in Majuli) ।

উজনি মাজুলীৰ কোঁটাই নাহৰনী, গায়নগাঁও, আৰ্দশ দলনি, গৰৈমাৰি আদিকে ধৰি মাজুলীৰ বিভিন্ন স্থানত এতিয়া চৰহা পোকে কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে৷

বানে জুৰুলা কৰাৰ পিছত দ-চনকা পথাৰসমূহত কৃষকে শালি, বাঁও ধানৰ খেতি কৰি শেষ কৰিছিল যদিও এতিয়াা সজাল ধৰা পথাৰ দৰালৈ চাই হুমুনিয়াহ কাঢ়িব লগা হৈছে সাধাৰণ কৃষকে ৷ এ বিঘা মাটিত ট্ৰেক্টৰৰ সহায়ত হাল বোৱাত ১৫০০ পৰা ২০০০ টকা, ৰোৱনীৰ বাবদ ৫০০ পৰা ১০০০ টকা খৰচ কৰি ৰনজিৎ, চৈমাৰি, বৰ ৰনজিৎ আদি কঠীয়া ৰোৱাৰ পিছত বৰ্তমান সজাল ধৰিছিল যদিওঁ এতিয়া এজন, এজন কৃষকৰ পথাৰৰ সমষ্ট ধান চৰহা পোক আৰু উকনি সদৃশ এজাত পোকে খাই তহিলং কৰিছে(Locusts attack crops in Majuli)।

লগতে পঢ়ক : Minor girl dies by suicide under mysterious circumstances :বনকৰা কিশোৰীৰ আত্মহত্যা; জে’ললৈ প্ৰেৰণ অভিযুক্ত দম্পতীক