Lizard Enters Mouth Of Child : মুখত জেঠী সোমোৱাৰ ফলত মৃত্যু এটি আঢ়ৈ বছৰীয়া শিশুৰ !

নেশ্যনেল ডেস্ক, ২৪ জুলাই : সোমবাৰে এক হৃদয় বিদাৰক ঘটনা পোহৰলৈ আহিছে । আঢ়ৈ বছৰীয়া এটি শিশুৰ মুখত এটা মৃত জেঠী পৰি এটি শিশু মৃত্যু হয়(Lizard Enters Mouth Of Child) । পৰিয়ালৰ সদস্যসকলে কামত ব্যস্ত হৈ থাকোতে জেঠীটো কেতিয়া শিশুটোৰ মুখত প্ৰৱেশ কৰিছিল আৰু শিশুটোৰ কেতিয়া মৃত্যু হৈছিল সেয়া গমই নাপালে । এই ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ।
সোমবাৰে ছত্তীশগড়ৰ বংকিমোংৰা আৰক্ষী থানাৰ অন্তৰ্গত সুমেধা নাগিনভান্থা অঞ্চলত শুই থকা অৱস্থাত এটা জেঠী মুখত সোমাই যোৱাৰ ফলত এটি আঢ়ৈ বছৰীয়া শিশুৰ মৃত্যু হয় (Lizard in mouth kills child in Chhattisgarh)। ঘটনাটো পুৱা ৮.৩০ বজাত সংঘটিত হয় ।
উল্লেখ্য যে প্ৰাণীবিজ্ঞানীসকলে বিশ্বাস কৰা অনুসৰি ঘৰুৱা জেঠীবোৰ ইমান বিষাক্ত নহয় । সিহঁত তৎক্ষণাৎ কাৰোবাক মাৰি পেলাব নোৱাৰে । অৱশ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু শিশুটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
ৰাজকুমাৰ চান্দেৰ পৰিয়ালটো নাগিনভান্থা অঞ্চলৰ বাসিন্দা । তেওঁৰ তিনিটা সন্তানৰ ভিতৰত কনিষ্ঠ পুত্ৰ আঢ়ৈ বছৰীয়া জগদীশ আছিল যি সোমবাৰে পুৱা ৮.৩০ বজাত বিছনাত শুই থকা অৱস্থাত জেঠী সোমাই মৃত্যু হয় । কিন্তু সেই সময়ত হঠাতে মাতৃৰ চকু শিশুটোৰ ওপৰত পৰে । শিশুটোৰ মুখত এটা জেঠী দেখি তেওঁ হতবাক হৈ চিঞৰিবলৈ ধৰে । যেতিয়া তেওঁলোকৰ চুবুৰীয়া শিশুটোৰ ওচৰলৈ যায়, তেওঁলোকে দেখে শিশুটিৰ উশাহ বন্ধ হৈ আছিল ।
আনহাতে, জেঠীটো শিশুটিৰ মুখত সোমাই আছিল । ইতিমধ্যে জেঠী আৰু শিশু দুয়োৰে মৃত্যু হৈছিল । আঢ়ৈ বছৰীয়া জগদীশক কোঠাটোত সম্পূৰ্ণ অকলে শুৱাই থোৱা আছিল । আঢ়ৈ বছৰীয়া শিশুটিৰ এনেদৰে মৃত্যু হোৱা খবৰে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । জেঠীটোৰ বিষৰ ফলত শিশুটোৰ মৃত্যু হৈছিল নে আন কোনো কাৰণত মৃত্যু হৈছে সেয়া অৱশ্যে পোষ্টমৰ্টেম ৰিপোৰ্টৰ পিছতহে জানিব পৰা যাব ।
আনহাতে, পিতৃ-মাতৃৰ অনুপস্থিতিত শিশুটোৰ কি হৈছিল আৰু কেনেকৈ জেঠীটো তেওঁৰ মুখত প্ৰৱেশ কৰিছিল সেয়াও অনুসন্ধানৰ বিষয় হৈ পৰিছে ।
জানিব পৰা মতে, শিশুটিৰ মাতৃ কিবা কামৰ বাবে ওচৰৰ দোকানলৈ গৈছিল । আনহাতে, পিতৃ গৈছিল পুখুৰীৰ ফালে । এই সময়ছোৱাতে ঘটনাটো ঘটিছ বুলি জানিব পৰা গৈছে । তেনে অৱস্থাত শিশুটো অকলে শুই আছিল । কিন্তু জেঠীটো কেনেকৈ তেওঁৰ মুখত প্ৰৱেশ কৰিছিল সেয়া জানিব পৰা হোৱা নাই । শিশুটিৰ পিতৃ ৰাজকুমাৰ চান্দেয়ে জানিব দিয়া অনুসৰি যেতিয়া তেওঁ গৈ দেখে তেতিয়া শিশুটিৰ হৃদস্পন্দন বন্ধ হৈ গৈছিল ।
আনহাতে, চৰকাৰী ইভিপিজি মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞানৰ সহকাৰী অধ্যাপক বলৰাম কুৰে জেঠীটোৰ বিষৰ ফলত শিশুটোৰ মৃত্যুৰ হোৱা কথাটোত একমত নহয় । তেওঁৰ মতে, কাৰোবাক হত্যা কৰিবলৈ পৰ্যাপ্ত বিষ জেঠীৰ তাত নাই । প্ৰাণীবিজ্ঞানীগৰাকীৰ এই দাবীৰ পিছত এতিয়া শিশুটোৰ মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হৈছে । কিয়নো ঘটনাটোৰ সময়ত শিশুটি ঘৰত সম্পূৰ্ণ অকলশৰীয়াভাৱে আছিল ।
প্ৰাণীবিজ্ঞানৰ সহকাৰী অধ্যাপক বলৰাম কুৰেয়ে জনোৱা অনুসৰি ঘৰত পোৱা জেঠীত কাৰোবাক হত্যা কৰিব পৰাকৈ পৰ্যাপ্ত বিষ নাই । যদি জেঠীটো মুখত প্ৰৱেশ কৰে তেনেহ’লে শ্বাসনলীৰে শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ ফলতো শিশুটোৰ মৃত্যু হ’ব পাৰে । অৱশ্যে ঘৰুৱা জেঠীবোৰত কিছু পৰিমাণৰ বিষ থাকে, যাৰ ফলত খাদ্যত বিষক্ৰিয়া অথবা কলেৰা ৰোগ হ’ব পাৰে । সেয়েহে শিশুটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি সেয়া অনুসন্ধানৰ বিষয় ।
ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় । ইতিমধ্যে বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে । আনহাতে শিশুটোৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।