Liquor to get cheaper in state from Sept 1 : ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত হ্ৰাস পাব বিলাতী সুৰাৰ মূল্য
নিউজ ডেস্ক,৩১আগষ্ট : ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত সালসলনি হ’ব বহু সামগ্ৰীৰ মূল্য । তাৰ ভিতৰত ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত হ্ৰাস পাব বিলাতী সুৰাৰ মূল্য। আবকাৰী শুল্ক হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত হ্ৰাস কৰা হৈছে সুৰাৰ দাম(Liquor to get cheaper in state from Sept 1)।
জানিব পৰা মতে, ১ ছেপ্টেম্বৰৰ পৰা ৫ শতাংশ এলকহলযুক্ত ৬৫০ মিলিলিটাৰৰ বিয়েৰৰ দাম ২২ টকাকৈ হ্ৰাস কৰা হৈছে। ৫ শতাংশৰ অধিক এলকহলযুক্ত ৬৫০ মিলিলিটাৰৰ বিয়েৰৰ দাম ৩৪ টকাকৈ হ্ৰাস।
জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ ৰামত ১১৭ টকা হ্ৰাস।
ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ হুইস্কী, জিন আদিৰ দাম ১৪৪ টকা হ্ৰাস কৰা হৈছে ।
LUXURY ব্ৰেণ্ডৰ ৩৬০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম ১৬৬ টকা হ্ৰাস।
LUXURY ব্ৰেণ্ডৰ ৩৫০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰ ৰামৰ দাম ১৬৬ টকা হ্ৰাস।
এলিগেণ্ট ব্ৰেণ্ডৰ ৫০০ৰ পৰা ৭০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম ২১৪ টকা হ্ৰাস(Liquor to get cheaper in state from Sept 1)।
লগতে পঢ়ক : AIUDF leader controversial facebook post : মিঞাক লৈ ফেচবুকত বিতৰ্কিত পোষ্ট এজন AIUDF ৰ নেতাৰ