Liquor seized in Fakirganj : ফকিৰগঞ্জত জব্দ বুজন পৰিমাণৰ বিলাতী সুৰা

নিউজ ডেস্ক,১আগষ্ট : দক্ষিণ শালমাৰাৰ অন্তৰ্গত ফকিৰগঞ্জ আৰক্ষীৰ অভিযান । অভিযান জব্দ বুজন পৰিমাণৰ বিলাতী সুৰা(Liquor seized in Fakirganj) ।
ফকিৰগঞ্জ আৰক্ষীৰ থানাৰ এটা দলে বুধবাৰে নিশা আইৰকাটা ফলিমাৰীত গোপন সূত্ৰৰ পম খেদি বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষীয়ে অভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।কাবাইটাৰীৰ পৰা এখন সুৰা ভৰ্তি ট্ৰাক ফকিৰগঞ্জ অভিমুখী আহি থকা সময়তে আৰক্ষীয়ে ট্ৰাকৰ লগতে ট্ৰাকৰ চালকজনক আটক কৰে । আটকাধীন চালকজন ইছা মুদ্দিনক বুলি জানিব পৰা গৈছে ।
ইফালে আৰক্ষীয়ে জব্দ কৰা ট্ৰাক খনৰ নম্বৰ এএছ ২৫ এফচি ০৬১৮। আটকাধীন চালক ইছা মুদ্দিনক বৰ্তমান সোধা-পোছা অব্যাহত ৰাখিছে ফকিৰগঞ্জ থানাৰ আৰক্ষীয়ে। অভিযান কালত আৰক্ষীয়ে ৩১৯২ টা ৰ’য়েল ষ্টেগৰ সৰু বটল আৰু ১৫,৩৬০ টা ৰ’য়েল ষ্টেগৰ ডাঙৰ বটল জব্দ কৰে(Liquor seized in Fakirganj)।