আজিৰে পৰা বন্ধ লীলাবাৰী গুৱাহাটী বিমান সেৱা

নিউজ ডেস্ক, ১১ মে’- আজিৰে পৰা বন্ধ হ’ব লীলাবাৰী-গুৱাহাটী বিমান সেৱা। পৰ্যাপ্ত যাত্ৰীৰ অভাৱৰ বাবেই বন্ধ কৰি দিয়া হ’ল বিমান সেৱা। ৭২ আসনবিশিষ্ট বিমানখনত দৈনিক পঁচিশ-ত্রিশজন যাত্রীহে অহা যোৱা কৰে।
মাত্র ৯৯৯ টকাত লখিমপুৰ-গুৱাহাটীৰ বিমান যাত্ৰাৰ সুবিধা লাভ কৰি উত্তৰ অসমৰ ৰাইজ উৎফুল্লিত হৈ পৰিছিল। প্রথমাৱস্থাত মঙলবাৰ, বৃহস্পতিবাৰ, শনি আৰু দেওবাৰে চলাচল কৰা বিমানখন পৰৱৰ্তী সময়ত দৈনিক চলাচল কৰিবলৈ লয়।
বিমান সেৱা আগবঢ়োৱা কোম্পানীৰ তৰফৰ পৰা ৯৯৯ টকা ভাড়া ধার্য কৰা হৈছিল যদিও কার্যতঃ যাত্রীসকলে ২৫০০ ৰ পৰা ৩০০০ টকা ভৰিবলগা হৈছিল।
উল্লেখ্য যে, যোৱা ৪ নৱেম্বৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ফ্লেগঅফ কৰি ফ্লাইবিগ কোম্পানীৰ ৭২ আসনযুক্ত বিমানখনৰ সেৱা আৰম্ভ কৰিছিল।