Local, Vocal, Global

Lightning strike in Sivasagar : বজ্ৰপাত পৰি একেটা পৰিয়ালৰে দুজনৰ মৃত্যু, আহত ৫জন

শিৱসাগৰ, ৯জুন : শুকুৰবাৰে পুৱা শিৱসাগৰ পানবেছাত এক শোকাবহ ঘটনা সংঘটিত হয়। পানবেছা পঞ্চায়তৰ অন্তৰ্গত চেনীমৰা মিচিং গাঁৱত সংঘটিত হয় এই ঘটনাটো।পথাৰত ধান চপাই থাকোঁতেই বজ্ৰ পৰি মৃত্যু দুই যুৱকৰ আহত পাঁচজন লোক।

উৎকট গৰমে দহিছে ৰাজ্য। গ্ৰীষ্মৰ প্ৰখৰ উত্তাপত সমগ্ৰ ৰাজ্যবাসীৰ তথৈবচ অৱস্থা। কোনোৱে যদি এজাক শীতল বতাহৰ বাবে অপেক্ষা কৰিছে আন কোনোৱে আকৌ বিচাৰিছে এজাক পাতলীয়া বৰষুণ। উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ অসমত সকলোৱে কৰিছে বৰষুণৰ কামনা। ঠায়ে ঠায়ে ৰাইজে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ পাতিছে ভেকুলী বিয়া। এনে সময়তে কোনো কোনো ঠাইত প্ৰকৃতিয়ে লৈছে ৰুদ্ৰ ৰূপ।বৰষুণ আৰু ধুমুহায় দেখুৱাইছে তাণ্ডৱ।

শুকুৰবাৰে পুৱাই শিৱসাগৰত আহিল এজাক বৰষুণ।শুকুৰবাৰে অহা ধুমুহাই শিৱসাগৰত প্ৰাণ ললে দুই যুৱকৰ।শিৱসাগৰত পানবেচা অঞ্চলৰ ল’ৰাপোতা চেনীমৰা মিচিং গাঁৱত ঘটিল অঘটন। শিৱসাগৰৰ ৰাইজক সকাহ দিয়াৰ বাবে বৰষুণ আহিছিল যদিও গাজনিৰ লগতে অহা বজ্ৰপাতে কাঢ়ি লৈ গ’ল দুটি প্ৰাণ (Two persons killed in lightning strike)লগতে আহত হল পাঁচজনকৈ লোক ।

প্ৰাপ্ত তথ্য মতে, পথাৰত বড়োধান চপাই থাকোঁতেই ব্ৰজপাতত একে পৰিয়ালৰ দুজন খেতিয়কৰ মৃত্যু হোৱাৰ লগতে আন পাঁচজন ব্যক্তি আহত হয়।বজ্ৰপাতত নিহত হোৱা লোক দুজন অজয় য়েইন (৩৫) আৰু দিগন্ত মিলি(২৮) বুলি জানিব পৰা গৈছে। লগতে আহত হোৱা কেইজন ক্ৰমে ৰুমী মিলি (১৯), গণেশ মিলি (২২), পুতলা য়েইন ( ১৭), উৰ্মিলা য়েইন আৰু নিহত অজয় য়েইনৰ পুত্ৰ বিক্ৰম সিং য়েইন বুলি জানিব পৰা যায়। ইয়াৰে ৰুমী মিলিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।
আহত আটাইকেইজনেকে ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় (Lightning strike in Sivasagar)। বৰ্তমান এই ঘটনাই সমগ্ৰ গাঁও খনতে শোকৰ ছাঁ পেলাইছে। ঘটনাৰ পিছতেই স্থানীয় বিধায়ক অখিল গগৈ, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কৰ্মচাৰী গাঁওখনত উপস্থিত হৈ পৰিস্থিতি বুজ লয়। ঘটনা সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে দুখ প্ৰকাশ কৰাৰ লগতে আহত সকলৰ চিকিৎসাৰ বাবে পদক্ষেপ লোৱা বুলি সদৰি কৰে।

লগতে পঢ়ক : tree Plantation : একেদিনাই ৰাজ্যজুৰি ৰোপণ হ’ব এক কোটি গছপুলি