Local, Vocal, Global

Lightning strike in Jorhat : ফাকুৱাৰ আনন্দ-উল্লাসৰ মাজতে বতাহ-ধুমুহাই ধ্বংসলীলা চলায় যোৰহাটত

যোৰহাট,২৬মাৰ্চ : উত্তৰ পশ্চিম যোৰহাটৰ ২নং সোনাৰী গাঁৱত শোকাৱহ ঘটনা।

ফাকুৱাৰ আনন্দ-উল্লাসৰ মাজতে সোমবাৰে নিশাৰ ভাগত বতাহ-ধুমুহাই ধ্বংসলীলা চলায় যোৰহাটত ৷ এই বতাহ-ধুমুহাৰ লগতে বজ্ৰ পৰি যোৰহাটত নিমিষতে ছাই হ’ল ফাকুৱাৰ আনন্দ । উত্তৰ পশ্চিম যোৰহাটৰ ২ নং সোণাৰী গাঁৱৰ এঘৰত সংঘটিত হ’ল এই অঘটনাটো ৷ ফলত বাসগৃহটো সম্পূৰ্ণ ৰূপে জাহ যায় ৷ কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ সদস্যকেইজনৰ(Lightning strike in Jorhat) ৷

ঘটনা অনুসৰি, সোমবাৰে নিশা ফাকুৱাৰ বাবে যোৰহাটৰ ২ নং সোণাৰী গাঁৱত আয়োজন কৰা হৈছিল ভাওনাৰ ৷ সেই ভাওনাত অংশ লৈছিল ভদ্ৰ বৰা নামৰ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি থকা ব্যক্তিজনৰ এগৰাকী জীয়ৰীয়ে ৷ সেয়ে ভাওনাৰ সা-সজ্জাৰ বাবে অলপ সোণকালেই ঘৰৰ পৰা নিৰ্দিষ্ট স্থানলৈ ওলাই গৈছিল ভদ্ৰ বৰাৰ পত্নীসহ দুই জী ৷ ব্যস্ততাৰ মাজতে ভদ্ৰয়ো এবাৰ-দুবাৰ আহি ঘৰখন চাই গৈছিল ৷ তেতিয়া লৈ সকলো ঠিকেই আছিল ৷

কিন্তু নিশা বতাহ-ধুমুহাৰ লগতে বজ্ৰও পৰে উক্ত অঞ্চলটোত ৷ এই বজ্ৰ পৰাৰ ফলত ভদ্ৰ বৰাৰ ঘৰটো সম্পূৰ্ণ ৰূপে ভস্মীভূত হৈ যায় ৷ ঘৰৰ কোনো লোক হতাহত হোৱা নাই যদিও বজ্ৰপাতত ভস্মীভূত ৰাজমিস্ত্ৰী ভদ্ৰ বৰাৰ ঘৰৰ সৰ্বস্ব ।পশুধন সহ নাবাচিল ঘৰখনৰ এপদো সা-সামগ্ৰী(Lightning strike in Jorhat)।

ফলত হাহাকাৰ পৰিস্থিতৰ স্থিতি হৈছে ভদ্ৰৰ পৰিয়ালত ৷ শোকত কান্দি বিয়াকুল হৈ পৰিছে ভদ্ৰৰ পত্নী ৷ সেয়ে এই পৰিয়ালটোত আৰ্থিকভাৱে সহায় কৰিবলৈ স্থানীয় ৰাইজে সকলোকে আহ্বান জনাইছে ৷

লগতে পঢ়ক : Drugs seized in Chapar : চাপৰত বৃহৎ পৰিমাণৰ নিষিদ্ধ কফচিৰাপ সহ আটক সৰবৰাহকাৰী