Lightning strike in Gujarat: প্ৰৱল বৰষুণ আৰু বজ্ৰপাতৰ ফলত প্ৰাণ গ’ল ২০ জনৰ
নেশ্যনেল ডেস্ক, ২৭ নৱেম্বৰ : দেওবাৰে সংঘটিত হৈছে এক শোকাৱহ ঘটনা । দেওবৰাৰে বজ্ৰপাতত প্ৰাণ গ’ল ২০ জনকৈ লোকৰ(Lightning strike in Gujarat) ।
এই শোকাৱহ ঘটনাটো সংঘটিতো হৈছে গুজৰাটত । গুজৰাটত বতৰ ডাৱৰীয়া । শীতকালৰ আৰম্ভণতি গুজৰাটত বাৰিষাৰ দৰে বতৰ হোৱা পৰিলক্ষিত হৈছে । দেওবাৰে গুজৰাটৰ প্ৰায় জিলাতে বৰষুণ দিয়া পৰিলক্ষিত হৈছে( Heavy Rains Lash Gujarat) ।
চৰকাৰী সূত্ৰই জনোৱা অনুসৰি, দেওবাৰে গুজৰাটত হৈ থকা প্ৰৱল বৰষুণৰ ফলত বজ্ৰপাত ফলত প্ৰাণ গ’ল ২০ জনকৈলোকৰ।
খবৰ অনুসৰি, বজ্ৰপাতৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱণা আছে। কেৱল মানুহ নহয়, প্ৰৱল বৃষ্টিপাতৰ ফলত প্ৰায় ৪০ টাকৈ পশুধনৰো মৃত্যু হয়। বৰষুণৰ ফলত গুজৰাটৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলাবোৰ হৈছে আমৰেলী, সুৰেন্দ্ৰনগৰ, মেহছানা, বোটাদ, পঞ্চমহল, খেদা, চাবৰকান্থা, চুৰাট আৰু আহমেদাবাদ(20 Dead in Lightning Strikes Amid Unseasonal Rainfall)।
এই জিলাসমূহত বৰষুণৰ লগতে প্ৰতি ঘণ্টাত ৫ কিলোমিটাৰ বেগত বতাহো আহে। ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই দক্ষিণ গুজৰাট অঞ্চলৰ মাছমৰীয়া সকলৰ বাবে সতৰ্কতা জাৰি কৰিছে। কিয়নো উক্ত অঞ্চলত ৬০ কিলোমিটাৰ প্ৰতিঘন্টাত বতাহ অহাৰ সম্ভাৱণা আছে(20 Killed In Lightning Strikes, Several Houses Damaged )।
ইফালে ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে ২০২৩ চনৰ ২৬ নৱেম্বৰৰ পুৱা ৮.৩০ বজাৰ পৰা ২৭ নৱেম্বৰৰ পুৱা ৮.৩০ বজালৈ বজ্ৰপাতৰ বাবে য়েল্ল (হালধীয়া) সতৰ্কবাণী জাৰি কৰিছিল ৷