Local, Vocal, Global

চতিয়াত বজ্ৰপাত পৰি মৃত্যু এজন লোকৰ

নিউজ ডেস্ক, ৬ জুলাই : ৰাজ্যত ৰানৰ বিভিষিকাৰ লগতে অব্যাহত আছে বজ্ৰপাতৰ ঘটনা।

এইবাৰ বিশ্বনাথ জিলাৰ চতিয়াত বজ্ৰপাত পৰি এজন লোকৰ মৃত্যু হৈছে।

নিহত লোকজন চতিয়াৰ ন ঘৰীয়া চুকৰ বিপুল শইকীয়া বুলি চিনাক্ত কৰা হৈছে ৷

চতিয়াৰ মেটেৰা গাৱঁৰ সমীপৰ এখন পথাৰত সংঘটিত হৈছে এই ঘটনা ৷

উল্লেখযোগ্য যে, পথাৰত কঠীয়া তুলি থাকোতেই বজ্ৰপাত পৰে লোকজনৰ দেহত ৷