২০১৮ বৰ্ষৰ পৰাই বিকল Mangaldai Civil Hospitalৰ শিশু আৰু মাতৃ চিকিৎসা বিভাগৰ Lift

নিউজ ডেস্ক, ২ জুলাই : বানপানীৰ ভয়াবহতাৰ পাছতে মঙ্গলদৈ চহৰৰ আন এক ঘটনা পোহৰলৈ আহিছে।
দীৰ্ঘদিনে বিকল মঙ্গলদৈ অসামৰিক চিকিৎসালয়ৰ শিশু আৰু মাতৃৰ চিকিৎসা বিভাগৰ দুটাকৈ লিফ্ট বিকল।
লিফ্ট দুটা বিকল হোৱাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে গৰ্ভৱতী মহিলাই ৷
তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিছিল লিফ্ট দুটা ৷ কিন্তু কাৰ ভুলৰ বাবে বিকল হৈ আছে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ দুটা লিফ্ট ৷
উল্লেখ্য যে, ২০১৮ বৰ্ষৰ পৰাই বিকল হৈ আছে Mangaldai Civil Hospitalৰ শিশু আৰু মাতৃ চিকিৎসা বিভাগৰ লিফ্ট ৷ বিকল হৈ থকা লিফ্ট দুটাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে গৰ্ভৱতী মহিলাই ৷
কৰ্তীপক্ষৰ হেমাহিৰ বাবে লিফ্ট দুটাৰ বিকল হৈ থকাৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে ৷