Local, Vocal, Global

বন্ধ হ’ব LIC
১৮ হাজাৰ কোটি টকাৰ লোকচান।

ডিজিটেল ডেস্কঃ ১৮ হাজাৰ কোটি টকাৰ বৃহৎ লোকচানৰ সন্মুখত এল আই চি।হঠাৎ আদানীৰ শ্বেয়াৰ হ্ৰাস পাইছে! বুধবাৰ আৰু শুকুৰবাৰে আদানী গ্ৰুপৰ শ্বেয়াৰত বিনিয়োগকাৰীৰ লোকচান হয় কোটি কোটি টকা। দেশৰ বৃহৎ প্ৰতিষ্ঠানিক বিনিয়োগকাৰী এল আই চিও বিনিয়োগকাৰীৰ তালিকাত আছে।

২৭ জানুৱাৰীত আদানী গ্ৰুপৰ শ্বেয়াৰত এল আই চিৰ মুঠ বিনিয়োগ ৬২,৬২১ কোটি টকালৈ হ্ৰাস পাইছে। ২০২৩ চনৰ ২৪ তাৰিখলৈকে এই ধনৰাশি আছিল ৮১,২৬৮ কোটি টকা। অৰ্থাৎ দুটা ব্যৱসায়িক অধিবেশনত এল আই চিৰ ১৮,৬৪৭ কোটি টকা লোকচান হয়।তথ্য অনুসৰি আদানি এণ্টাৰপ্ৰাইজ, আদানি গ্ৰীণ এনাৰ্জি, আদানী বন্দৰকে ধৰি আদানী গ্ৰুপৰ আন কেইবাটাও ষ্টকত এল আই চিৰ বিনিয়োগ আছে। যোৱা ২টা ব্যৱসায়িক অধিবেশনত এই ষ্টকসমূহৰ শ্বেয়াৰ ১৯ শতাংশৰ পৰা ২৭ শতাংশলৈ হ্ৰাস পাইছে।আমেৰিকান প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনৰ পিছত আদানী গ্ৰুপৰ ষ্টকসমূহে শ্বেয়াৰ বজাৰত ডাঙৰ আঘাত লাভ কৰে। হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদন আদানী গ্ৰুপৰ কোম্পানীসমূহৰ ওপৰত বহুলাংশে নেতিবাচক আছিল। ফলত আদানীৰ শ্বেয়াৰত ব্যাপক আঘাত। অৱশ্যে আদানী গ্ৰুপৰ চিএফঅ’ জুগছিন্দৰ সিঙে এক বিবৃতিত এই প্ৰতিবেদন সম্পূৰ্ণ ভিত্তিহীন বুলি কয়। আদানী গ্ৰুপে এই প্ৰতিবেদন ইচ্ছাকৃতভাৱে কৰা বুলিও অভিযোগ উত্থাপন কৰে। সংস্থাটোৰ মতে, সেই প্ৰতিবেদনত কেইবাটাও ভুল তথ্য দিয়া হৈছে। যাৰ কোনো ভিত্তি নাই।

আদানী গোটটোৱে কিমান টকা হেৰুৱাইছে?

শ্বেয়াৰ বজাৰত বৃহৎ লোকচানৰ সন্মুখীন হৈছে আদানী গ্ৰুপ। ২৭ জানুৱাৰীত আদানী গ্ৰুপৰ শ্বেয়াৰ বজাৰত তালিকাভুক্ত ১০টা কোম্পানীৰ বজাৰ মূলধন প্ৰায় ৪ লাখ কোটি টকা হ্ৰাস পায়। ২৪ জানুৱাৰীত আদানী গ্ৰুপৰ বজাৰ মূল্য ১৯ লাখ কোটি টকা হোৱাৰ বিপৰীতে ২৭ জানুৱাৰীত ১৫ লাখ কোটি টকালৈ হ্ৰাস পাইছে। জানিব পৰা মতে, হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত আদানী গ্ৰুপক ৮৮টা প্ৰশ্ন কৰা হৈছিল। যিয়ে আদানী সাম্ৰাজ্যক এক প্ৰবল জোকাৰণি দিছিল।