WATCH | Leopard terror: ফিল’বাৰী চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

ডুমডুমা,২৬জুন : ফিল’বাৰী চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ
কিছুদিন পূৰ্বে ফিল’বাৰী চাহ বাগিচাৰ হেমবাৰী লাইনত ২১ নম্বৰ চেকচনত বন বিভাগে স্থাপন কৰিছিল পিঞ্জৰা ।
বন বিভাগে পতা পিঞ্জৰাত আজি নাহৰ ফুটুকীটো পিঞ্জৰাবদ্ধ হয়(Leopard terror)।
দীৰ্ঘদিনৰ পৰা ফিল’বাৰী চাহ বাগিছাৰ লগতে দাঁতিকাষৰীয়া গাঁও সমূহত বাঘে চলাই আহিছিল সন্ত্ৰাস ।
ভয় শংকাৰ মাজতেই চাহ বাগিচাত চাহ শ্ৰমিক সকলে কৰি আহিছিল কাম।
বাঘৰ আক্ৰমণত কেইবাগৰাকীও লোক আঘাতপ্ৰাপ্ত হৈছিল ।
বাগিছাখনত আন কেইবাটাও বাঘ থকাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে ।
আজি পুৱাৰ ভাগতো দুটাকৈ নাহৰফুটুকী বাঘ প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে, তাৰে ভিতৰৰ এটা হয় পিঞ্জৰাবদ্ধ।
লগতে পঢ়ক : WATCH | Unidentified Body Found : যোৰহাটত উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ মৃতদেহ