Local, Vocal, Global

Leopard Roaming freely in Guwahati : মহানগৰীৰ বামুণীমৈদামত নাহৰফুটুকীৰ মুক্ত বিচৰণ

নিউজ ডেস্ক,২৬জুন : মহানগৰীত বাঘৰ মুক্ত বিচৰণ । মঙলবাৰৰ নিশা মহানগৰীৰ বামুণীমৈদামত নাহৰফুটুকীৰ মুক্ত বিচৰণ।

জানিব পৰা মতে, বামুণীমৈদামৰ গাৰ্লছ পলিটেকনিক চৌহদত প্ৰত্যক্ষ কৰে নাহৰফুটুকীৰ বিচৰণ । নাহৰফুটুকী বাঘটোৱে পলিটেকনিকৰ দেৱালত বগাই ফুৰা দেখিবলৈ পোৱা যায়(Leopard Roaming freely in Guwahati) ।

জানিব পৰা মতে, শৈক্ষিক প্ৰতিষ্ঠানখনৰ আৱাসৰ এগৰাকী ছাত্ৰীয়ে ম’বাইলৰ কেমেৰাত বন্দী কৰে নাহৰফুটুকী বাঘটোৰ বিচৰণৰ দৃশ্য । এই দৃশ্য প্ৰত্যক্ষ কৰি স্বাভাৱিকতে আতংকিত হৈ পৰে হোষ্টেলটোত থকা ছাত্ৰীসকল ।

অৱশ্যে কিছুসময় বাঘটোৱে পলিটেকনিকৰ চৌহদত বিচৰণ কৰাৰ পিছত পিছফালে থকা জংঘলৰ ফালে যায় । নাহৰফুটুকীটো চিৰিয়াখানাৰ পৰা ওলাই অহা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।

লগতে পঢ়ক : youths body found near shaheed kushal konwar hospital : গোলাঘাট ছহিদ কুশল কোঁৱৰ চিকিৎসালয়ৰ পিছফালে উদ্ধাৰ যুৱকৰ মৃতদেহ