Local, Vocal, Global

Watch | leopard is caged in Nadua Hatigadhai in Chabua: চাবুৱাৰ নাদুৱা হাতীগাধৈত প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ

ডিব্ৰুগড়: বন বিভাগৰ সহযোগত সংস্থাপিত কৰা পিঞ্জৰাত আজি প্ৰকাণ্ড নাহৰফুটুকী বাঘটো পিঞ্জৰাবদ্ধ হয় চাবুৱাৰ নাদুৱাত। চাবুৱাৰ নাদুৱা হাতীগাধৈত প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ । দীৰ্ঘদিন ধৰি অঞ্চলটোত কেইবাটাও নাহৰফুটুকী বাঘে পোহনীয়া গৰু,ছাগলী আদি ভক্ষণ কৰি এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। নাহৰফুটুকীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ গাওঁবাসীয়ে বন বিভাগৰ সহযোগত সংস্থাপিত কৰা পিঞ্জৰাত আজি নিশা প্ৰকাণ্ড নাহৰফুটুকী বাঘটো পিঞ্জৰাবদ্ধ হয়। বাঘটো পিঞ্জৰাবদ্ধ হোৱা পাছতেই খবৰ ৰাজহুৱা হোৱা পাছেই নাহৰফুটুকী চাবলৈ ভিৰ কৰিছে কেইবা শতাধিক ৰাইজে।