Local, Vocal, Global

নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ লেফ্ট বেংক ভূমিস্খলনৰ কৱলত, প্ৰলয়ৰ আশংকা

নিউজ ডেস্ক: অসমৰ বিশেষজ্ঞই নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিপৰীতে প্ৰতিবেদন দিয়াৰ পাছতো কেন্দ্ৰীয় চৰকাৰে যি কোনো বিনিময়ত প্ৰকল্পটো নিৰ্মাণ কৰিছে যদিও যিকোনো মুহূৰ্তত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷ কিয়নো তাচপাতৰ দৰে খহিব ধৰিছে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প৷
কিছুদিন পূৰ্বে পাৱাৰ হাউচৰ দেৱাল খহি পৰাৰ লগতে এইবাৰ লেফ্ট বেংকত ভূমিস্খলন হোৱাৰ খবৰ পোৱা গৈছে৷

জানিব পৰা মতে, কেইবাটাও দিন ধৰি লেফ্ট বেংকত NHPCত অব্যাহত আছে ভূমিস্খলন। এই ভূমিস্খলনৰ ফলত কেইবাটাও এলেকাত পাহাৰৰ অংশ খহি পৰি বৃহৎ ঢৌৰ সৃষ্টি হোৱা দেখা গৈছে। নেৰা-নেপেৰা বৰষুণৰ ফলত পাহাৰত ভূমিস্খলন হোৱাত মূল বান্ধত ভয়ংকৰ ঢৌৱে অঘটন সংঘটিত কৰাৰ আশংকাই দেখা দিছে৷

অসমৰ জনসাধৰণৰ জনমতক উপেক্ষা কৰি পূৰ্বৰ কংগ্ৰেছ আৰু এতিয়াৰ শাসনত থকা বিজেপি দলে জল বিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ ঠেহ পতা দেখা যায়৷ উত্তৰ অসমৰ ৰাইজৰ মৃত্যুদূতস্বৰূপ হৈ পৰিব পৰা নামনি সোঁৱণশিৰি জল বিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত ৰাজ্যত বৃহৎ আন্দোলন চলিছে৷ ২০১১ চনৰ পৰা বন্ধ কৰাৰ দাবীত অসমৰ ৰাইজ তথা বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনে ব্যাপক প্ৰতিবাদ অব্যাহত ৰাখিছে।

প্ৰথমাৱস্থাত ৰাজ্যৰ কেইবাটা সংগঠনে নদী বান্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল যদিও শেহতীয়াকৈ নীৰৱ ভূমিকা পালন কৰা দেখা যায়৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লগতে এমুঠিমান সংগঠনেহে এই সংগ্ৰাম অব্যাহত ৰাখিছে৷

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নামনি সোঁৱণশিৰি জল বিদ্যুৎ প্ৰকল্প নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰি ততাতৈয়াকৈ সম্পূৰ্ণ কৰিছে৷

ৰঙানদীৰ নীপকোৰ ৪৫০ মেগাৱাট ক্ষমতা সম্পন্ন নদীবান্ধে সংহাৰী ৰূপ লৈ উত্তৰ অসমৰ লক্ষিমপুৰ জিলাকে ধৰি নামনিৰ হেজাৰ হেজাৰ গাঁৱৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ ক্ষতি সাধন কৰে৷ তেনে সময়ত ৰঙানদী প্ৰকল্পতকৈ পাঁচগুণ অধিক অৰ্থাৎ ২০০০ মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোঁৱণশিৰিৰ বৃহৎ নদীবান্ধে উত্তৰ অসমৰ কি অৱস্থা হ’ব সেয়া সহজে অনুমেয়।

কেন্দ্ৰত আৰু ৰাজ্যৰ শাসনভাৰ হাতত লোৱা বিজেপি দলে বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে বৃহৎ নদীবান্ধ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ অসমবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে বিজেপি দলে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰচাৰ-পত্ৰ বিতৰণ কৰি জনজাগৰণ সৃষ্টিৰে আন্দোলন গঢ়ি তুলিছিল। কিন্তু দলটোৱে শাসন ভাৰ গ্ৰহণ কৰি নিশাটোৰ ভিতৰতে বৃহৎ নদীবান্ধৰ পক্ষপাতিত্ব কৰাটো লজ্জাজনক। কাৰ্য্যত কেন্দ্ৰীয় আৰু ৰাজ্যৰ দুখনৰ এনে স্থিতিয়ে অসমবাসীক চৰম প্ৰৱঞ্চনা কৰিছে।

বৃহৎ নদীবান্ধৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিত থকা অসমৰ চাৰিজন বিশেষজ্ঞৰ মতামতক উপেক্ষা কৰি আৰু চৰকাৰে বৃহৎ নদীবান্ধৰ পক্ষ লৈ সোঁৱণশিৰি নদীবান্ধ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ ষড়যন্ত্ৰক দল-সংগঠনে গৰিহণা দি আহিছে। লগতে উত্তৰ অসমৰ জনসাধাৰণৰ বাবে মৃত্যুদূতস্বৰূপ নামনি সোঁৱণশিৰিকে আদি কৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰস্তাৱিত সকলোবোৰ বৃহৎ নদীবান্ধৰ বন্ধ কৰাৰ দাবী জনাই আহিছে দল-সংগঠনে৷