Watch | Learn what foods people with uric acid should eat to control their uric acid problems: কি খাদ্য় খালে ইউৰিক এচিডৰ সমস্যা নিয়ন্ত্ৰণত থাকে জানি লওক
গুৱাহাটী: আপোনাৰ ইউৰিক এচিডল সমস্যা আছে নকি? জানি লওক কি খাদ্য় খালে ঔষধ অবিহনে ইউৰিক এচিড কম হ’ব । এই কেইবিধ খাদ্যই নিয়ন্ত্ৰণত ৰাখিব আপোনাৰ ইউৰিক এচিডৰ সমস্যা।
কমলাত
কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে যিয়ে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই ফলৰ চাইট্ৰিক গুণে পিউৰিন পাথৰ ভাঙি পেলোৱাত সহায় কৰে। আঁহযুক্ত কমলাই বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰে আৰু পিউৰিন পাচনত সহায় কৰে। উচ্চ ইউৰিক এচিড থকা লোকে কমলা খোৱাটো ভাল।
কচু খালে
পটেছিয়াম সমৃদ্ধ কচু খালে ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পৰা যায়। বুটমাহত আঁহ, আইৰণ, ভিটামিন এ থাকে যিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই ইউৰিক এচিড নিয়ন্ত্ৰণত সহায় কৰে।
অমিতা
উচ্চ ইউৰিক এচিড থকা লোকে খাদ্যত কেঁচা অমিতা অন্তৰ্ভুক্ত কৰিব পাৰে। কেঁচা অমিতাত ভিটামিন এ, ভিটামিন চি, মেগনেছিয়াম, কেলচিয়াম আৰু পটেছিয়াম থাকে যিয়ে ইউৰিক এচিডৰ মাত্ৰা সহজে নিয়ন্ত্ৰণ কৰিব পাৰে।