Local, Vocal, Global

Watch | Learn about home remedies to remove heat rash : গৰমৰ দিনৰ ছালত হোৱা সমস্যা ঘামচি আঁতৰোৱাৰ ঘৰুৱা প্ৰতিকাৰ জানি লওক

ৱেব ডেস্ক: গ্ৰীষ্মৰ দিনকেইটাত ছাল সম্পৰ্কীয় বহুতো সমস্যাই দেখা দিয়ে ৷ সকলোৰে ক্ষেত্ৰতে এই সমস্যাবোৰ ভিন্ন ধৰণৰ হয় ৷ কিন্তু এই সমস্যাসমূহৰ মাজত এনে এক সমস্যা আছে যি যিকোনো প্ৰকাৰৰ ছাল বা যিকোনো বয়সৰ লোকৰ ক্ষেত্ৰতেই হ’ব পাৰে । এইটো হৈছে ঘামচিৰ সমস্যা । ঘামচি কি আৰু ঘৰুৱা প্ৰতিকাৰৰ সহায়ত আমি কেনেদৰে ইয়াৰ পৰা সুৰক্ষা বা পৰিত্ৰাণ পাব পাৰোঁ জানো আহক …

ঘামচিৰ বাবে ঘৰুৱা প্ৰতিকাৰ:

মুলতানী মাটি
মুলতানী মাটিত ৰ’জ ৱাটাৰ মিহলাই ঘামচি হোৱা স্থানত প্ৰয়োগ কৰিলে ই খজুৱতি আৰু জ্বলা-পোৰাৰ পৰা সকাহ দিয়ে ।

কেঁচা আলুৰ ৰস
কেঁচা আলুৰ ৰসো ঘামচিৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে অতি উপকাৰী। আলুৰ ৰস প্ৰায় 10 ৰ পৰা 15 মিনিটৰ বাবে ঘামচি হোৱা জেগাত লগাই ৰাখিব লাগে আৰু তাৰ পিছত ঠাণ্ডা পানীৰে ধুই দিব লাগে । আলুৰ ৰসে ছালক আন বহুতো লাভালাভ প্ৰদান কৰে ।

তিয়হৰ ৰস
গ্ৰীষ্মকালত ঘামচিত তিয়ঁহৰ ৰসৰ সৈতে কেইটোপালমান নেমুৰ ৰস মিহলাই সানিলে সমস্যাটোৰ পৰা যথেষ্ট সকাহ পোৱা যায় ।

হালধী
হালধীৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টিচেপ্টিক গুণাগুণ আছে । হালধীৰ পেষ্ট গা ধোৱাৰ আগতে 5 ৰ পৰা 10 মিনিটৰ বাবে ঘামচি হোৱা স্থানত প্ৰয়োগ কৰি যথেষ্ট সকাহ পাব পাৰি ।