Lat Mandal Caught red-handed while accepting bribe : উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডলসহ চালক

নিউজ ডেস্ক,৬আগষ্ট : ৰাজ্যত প্ৰতিদিনে উৎকোচ হাতে দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে । হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী(Lat Mandal Caught red-handed while accepting bribe)।
ৰাজ্যত পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া।এইবাৰ কলাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডলক গ্ৰেপ্তাৰ। ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চালককো গ্ৰেপ্তাৰ। লাট মণ্ডল ৰহিমৰাম মণ্ডল আৰু চালক ধ্ৰুৱ নাথক গ্ৰেপ্তাৰ। ১০ হাজাৰ টকা লওঁতেই গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই।
জানিব পৰা মতে, চালক ধ্ৰুৱ নাথৰ জৰিয়তে সংগ্ৰহ কৰিছিল টকাখিনি(Lat Mandal Caught red-handed while accepting bribe)।