Local, Vocal, Global

Tree Plantation : একেদিনাই ৰাজ্যজুৰি ৰোপণ হ’ব এক কোটি গছপুলি

গুৱাহাটী, ৯জুন : বৃহস্পতিবাৰে চানডুবি বিলৰ পাৰত‘অমৃত বৃক্ষৰোপণ’শীৰ্ষক এটা গছপুলি ৰোপণ কাৰ্যসূচী অনুস্থিত হৈছিল(Large scale of tree planting)। এই অনুষ্ঠানত শাল, শিলিখা, ভোমোৰা, আমলখি, কঁঠাল, এজাৰ, জামুক, কদম, সোণাৰু আদি গছ ৰোপন কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া লগতে এখন জনসভাও সম্বোধন কৰে। উক্ত কাৰ্যসূচীত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে বনভুমিৰ সংৰক্ষণ কেৱল সামাজিক কাৰণতে নহয় ব্যক্তিগত অৰ্থনীতিৰ লগতে ৰাজ্যৰ অৰ্থনীতি তথা ৰাজ্যৰ ভৱিষ্যতৰ বাবে আৰু ৰাজ্যৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে বনভূমি সংৰক্ষণৰ গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি মত পোষণ কৰে(tree Plantation)।

তেওঁ কয় যে অসমৰ প্ৰায় ২০ শতাংশ বনভূমি বেদখলকাৰীৰ কবলত আছে,যাৰ কু-প্ৰভাৱ সকলোৱে প্ৰত্যক্ষ কৰিছে।ইয়াৰ সমান্তৰালকৈ ডিজেল, পেট্ৰ’ল আদিৰ অত্যাধিক ব্যৱহাৰ বা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ ফলস্বৰূপে সম্প্ৰতি গোলকীয় উষ্ণতা এক ভয়াৱহ সমস্যাৰূপে থিয় দিছে।

লগতে তেওঁ ৰাজ্যবাসীক বনাঞ্চল ৰক্ষাৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়। তেওঁ কয়, গছপুলি ৰোপণে প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ লগতে প্ৰকৃতিৰ সৌন্দৰ্যবৰ্ধন কৰে। ৰাজ্যখনৰ বনভূমিক সংৰক্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ,মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিগত দুটা বছৰত ৰাজ্য চৰকাৰে লামডিং সংৰক্ষিত বনাঞ্চল, পাভ সংৰক্ষিত বনাঞ্চল, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য, এবাং ৰাষ্ট্ৰীয় উদ্যান আৰু আন কেতবোৰ বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান চলাইছে। এই অভিযানৰ কালছোৱাত ৬১,৩৭৫ বিঘা বনাঞ্চল বেদখল মুক্ত কৰা হৈছে। তেওঁ কয় যে, এই উদ্যোগে ৰাজ্যখনত বনাৱৰণ বৃদ্ধিত যথেষ্ট সহায় কৰিব। লামডিং সংৰক্ষিত বনাঞ্চল আৰু পাভ সংৰক্ষিত বনাঞ্চলৰ পৰিৱেশ সুৰক্ষিত কৰাৰ লগতে বন্যপ্ৰাণীৰ বাবে বাসস্থান গঢ়ি তুলিবলৈ গছপুলি ৰোপণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয়।

মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, অহা ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা উদযাপন কৰিব লগীয়া দিনটোত ৰাজ্য চৰকাৰে ৰাজ্যখনত এক কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে(Large scale of tree planting will be held in Assam on Gandhi Jayanti)। সেইদিনা পুৱা ৯বজাৰ পৰা ১১বজালৈ এক কোটি গছপুলি ৰোপণ কৰা হব। এই কাৰ্যসূচীত অংশ লোৱা প্ৰতিগৰাকী ব্যক্তিলৈ গছজোপাৰ প্ৰতিপালনত সহায়ক হোৱাকৈ ১০০ টকাকৈ আগবঢ়োৱা হ’ব। আনহাতে তিনি বছৰৰ পিছত যদি গছপুলিটো জীয়াই থাকে তেতিয়া পুনৰ ব্যক্তিগৰাকীলৈ ২০০ টকা আগবঢ়োৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

লগতে এইবাৰ এই কাৰ্যসূচী সফল হলে প্ৰত্যেক বছৰে ১কোটি গছপুলি ৰোপন কৰা হ’ব বুলি উল্লেখ কৰে(Large scale of tree planting। আনহাতে, উক্ত কাৰ্যসূচীত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই মুখ্য অতিথি হিচাপে দিয়া ভাষণত কয় যে এসময়ত ঋষি-মুনিসকলে গছৰ তলতে তপস্যা কৰি জ্ঞান লাভ কৰিছিল। জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত গছ-গছনিৰ এক বৃহৎ অৱদান থকাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজস্থানত এসময়ত প্ৰকৃতি ৰক্ষাৰ এক বৃহৎ আন্দোলন হৈছিল। অসমতো তেনে এক আন্দোলনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিগৰাকী নাগৰিককে নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰাৰ বাবে তেওঁ আহ্বান জনায়।

লগতে পঢ়ক : ‘Sri Raghupati’ uploaded to Facebook and YouTube : ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্য