Local, Vocal, Global

কোকৰাঝাৰত বৃহৎ পৰিমাণৰ মাৰাণাস্ত্ৰ উদ্ধাৰ

নিউজ ডেস্ক,৮ মাৰ্চঃ কোকৰাঝাৰত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ মাৰাণাস্ত্ৰ। কোকৰাঝাৰৰ মহামায়া সংৰক্ষিত বনাঞ্চল আৰু গুমা সংৰক্ষিত বনাঞ্চলৰ কালবাগানৰ পৰা উদ্ধাৰ হয় মাৰাণাস্ত্ৰখিনি। এই অভিযানৰ নেতৃত্বত আছিল কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ।
    

মাৰাণাস্ত্ৰখিনি প্ৰাক্তন অস্ত্ৰধাৰী সংগঠনৰ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। সংবাদমেলত ডিজিপি ড° এল আৰ বিষ্ণই, জিলা আৰক্ষী অধীক্ষক প্ৰতীক থুবে, অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ,উপ আৰক্ষী অধীক্ষক পুনম পেগু উপস্থিত থাকে।
    

মাৰাণাস্ত্ৰসমূহৰ ভিতৰত দুটা ইজৰাইলত নিৰ্মিত ৰাইফল, চাৰিটা মেগজিন, বহুসংখ্যক গ্ৰেণেড, ২২টা প্ৰেছাৰ বোমা আৰু ২২টা কেপ উদ্ধাৰ কৰা হৈ