Large quantity of phlegm syrup was seized in Gauripur : গৌৰীপুৰ আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমানৰ কফ ছিৰাফ

নিউজ ডেস্ক,৩আগষ্ট : গৌৰীপুৰ আৰক্ষীৰ সফলতা । গৌৰীপুৰ আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমানৰ কফ ছিৰাফ।
শুকুৰবাৰে নিশা বালাজানৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি বৈশ্যৰ নিৰ্দেশত বালাজান আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই । অভিযানত পশ্চিমবংগৰ পৰা গৌৰীপুৰ অভিমূখী এএছ ১৭ চি ৭৩০৪ নম্বৰৰ বলেৰ’ পিক-আপ ভেনত আৰক্ষীৰ দলটো তালাচী অভিযান চলায়(Large quantity of phlegm syrup was seized in Gauripur)।
পিছত আৰক্ষীয়ে তালাচী চলাই বাহনখনৰ পৰা ৬০০বটল নিচাজাতীয় কফ ছিৰাফ জব্দ কৰাৰ লগতে দুজন যুৱকক আটক কৰে। আটকাধীন যুৱক দুজন বঙাইগাঁও জিলাৰ খিলাপাৰা গাঁওৰ মমিৰ উদ্দিনৰ দুই পুত্ৰ মনিৰুল হক আৰু জয়নুদ্দিন শ্বেখ বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক : Kerala Wayanad Landslide : কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলন;মৃতকৰ সংখ্যা ৩৪০ গৰাকীলৈ বৃদ্ধি