Local, Vocal, Global

Large quantity of phlegm syrup was seized at Assam Tripura Border : অসম- ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় কফ ছিৰাফ

নিউজ ডেস্ক,২জুন : কৰিমগঞ্জ আৰক্ষীৰ সফলতা । অসম- ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় কফ ছিৰাফ। চুৰাইবৰী তালাচী গেটত নিয়মীয়া তালাচী চলোৱাৰ সময়ত এখন ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰে কফ ছিৰাফৰ বটল‌সমুহ ।

জানিব পৰা মতে, এইচ আৰ ৩৭ই-৭২০৫ নম্বৰৰ ট্ৰাকখনত তালাচী চলাই জব্দ কৰা হয় ২২টা কফ ছিৰাফ ভৰ্তি বাকচ। কাৰ্টনকেইটাৰ পৰা মুঠ ৩,৩০০ বটল নিচাজাতীয় ‘এচকফ’ কফ চিৰাফ জব্দ কৰা হয়। কফ চিৰাফ সৰবৰাহ কৰা উত্তৰ প্ৰদেশৰ চনু নামৰ এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে(Large quantity of phlegm syrup was seized at Assam Tripura Border)।

আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, কফ ছিৰাফখিনি উত্তৰ প্ৰদেশৰ পৰা আগৰতলা লৈ নিয়াৰ পৰিকল্পনা কৰা হৈছিল।‌ চুৰাইবাৰী নিৰীক্ষণ চকীৰ আৰক্ষীয়ে ট্ৰাক সহ কফ চিৰাফ খিনি জব্দ কৰি চুৰাইবাৰী নিৰীক্ষণ চকীত ৰাখিছে। এই সংক্ৰান্তত আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি ধৃত‌ সৰবৰাহকাৰী চনুক সোধপোছা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Guwahati murder case accused Amit Bhowmick Arrested : অৱশেষত গ্ৰেপ্তাৰ হ’ল বেলতলা চাৰ্ভেৰ ছুৰীকাঘাত কাণ্ডৰ অভিযুক্ত অমিত ভৌমিক