Local, Vocal, Global

দুলীয়াজানত বৃহৎ পৰিমাণৰ কণ্ডেনছেট তেল জব্দ

নিউজ ডেস্ক, ৩ জুন : অইল ইণ্ডিয়া দুলিয়াজানত বৰ্তমান সময়ত সততে পাইপ ফাটি তেল নাইবা গেছ নিৰ্গত হৈ থকাৰ ঘটনা পোহৰলৈ আহে।

অইল নিৰাপত্তা বিভাগে বিভিন্ন সময়ত অইল ইণ্ডিয়াত সংঘটিত হৈ থকা দুৰ্নীতিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । শুক্ৰবাৰে অইল নিৰাপত্তা বিভাগ আৰু বৰডুবি আৰক্ষীৰ যুটীয়া অভিযানত দুলীয়াজানত বৃহৎ পৰিমাণৰ কণ্ডেনছেট তেল জব্দ কৰিছে।

AS 23 CC 3205 নম্বৰৰ এখন ডাম্পাৰৰ পৰা প্রায় ২৮০০লিটাৰ কণ্ডেনছেট তেল জব্দ কৰিছে অভিযানকাৰী দলটোৱে।

ডাম্পাৰখনৰ পৰা তেল জব্দ কৰিছে যদিও চালক আৰু চালকৰ সহযোগীক আটক কৰিবলৈ সক্ষম নহল আৰক্ষী। বৰ্তমানেও পলাতক অৱস্থাত আছে ডাম্পাৰখনৰ চালক আৰু হেণ্ডিমেন।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।