Local, Vocal, Global

কাৰ্বি আংলং জিলাত জব্দ বৃহৎ পৰিমাণৰ হেৰোইন

নিউজ ডেস্ক, ৩১ জুলাই : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ চোৰাং সৰবৰাহ। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আৰক্ষীয়ে বিভিন্ন সময়ত বৃহৎ পৰিমাণৰ অবৈধভাৱে সৰবৰাহ কৰা সামগ্ৰী জব্দ কৰে।

আন এক অভিযানত অসম আৰক্ষীয়ে দেওবাৰে ৰাতিপুৱা অসমৰ কাৰ্বি আংলং জিলাত ৮ কোটি টকাৰ বৃহৎ পৰিমাণৰ হেৰোইন জব্দ কৰে।

তাৰ লগতে ইয়াৰ সন্দৰ্ভত চোলেমান থুয়াৰ (Soleman Thuyer) আৰু চিমান থুয়াৰ (Simaan Thuyer) নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

কাৰ্বি আংলং জিলাৰ বোকাজান অঞ্চলৰ Khatkhatiত আৰক্ষীয়ে এখন বাহনৰ পৰা ৯৬৬ গ্ৰাম হেৰোইন থকা প্ৰায় ৭৫ টা বাকচ জব্দ কৰে।

খবৰ অনুসৰি দুয়োজনে ডিমাপুৰৰ পৰা অবৈধভাৱে ড্ৰাগছ পৰিবহন কৰিছিল।

সম্প্ৰতি দুয়োজনলোকৰ বিৰুদ্ধে NDPS আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। আৰু অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত আছে।