Local, Vocal, Global

Large quantity of ganja seized from passenger train: ৰঙাপৰাত যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

জানুগুৰিহাট,১ফেব্ৰুৱাৰী : ৰঙাপৰাত যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা ।

ৰঙাপৰা ৰেলৱে সুৰক্ষা বাহিনীয়ে (RPF)অভিযান চলাই জব্দ কৰে ২৫ কেজি ৯০০ গ্ৰাম ওজনৰ গাঞ্জা। জব্দকৃত গাঞ্জাখিনিৰ মূল্য ২ লাখ ৫৯ হাজাৰ টকা(Large quantity of ganja seized from passenger train)।

লাচিত এক্সপ্ৰেছ যাত্ৰীবাহী ৰেলৰ পৰা ৰেলৱে সুৰক্ষা বাহিনীয়ে  জব্দ কৰে গাঞ্জাখিনি। কোনো অসাধু ব্যৱসায়ীয়ে ট্ৰেইনৰ চিটৰ তলত লুকুৱাই আনিছিল এই গাঞ্জাখিনি। অৱশ্যে ঘটনা সন্দৰ্ভত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই(Large quantity of ganja seized from passenger train in Rangapara)।

লগতে পঢ়ক :Fire Erupts Near Asom Sahitya Sabha : অসম সাহিত্য সভাৰ অধিৱেশনত অগ্নিকাণ্ডৰ ঘটনা