Local, Vocal, Global

Large quantity of ganja seized: শোণিতপুৰত জব্দ বুজন পৰিমাণৰ গাঞ্জা;আটক সৰবৰাহকাৰী

জামুগুৰিহাট,২০ফেব্ৰুৱাৰী : শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ আৰক্ষীৰ। চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আটক কৰে গাঞ্জাসহ এজন সৰবৰাহকাৰীক।

গুদামঘাটৰ পৰা ৰাবোল ইছলাম নামৰ এজনক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী। ৰাবুল ইছলামৰ বাসগৃহত চাৰিদুৱাৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমানৰ গাঞ্জাখিনি ৷

জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ৩ লাখ ৫০ হাজাৰ টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ(Large quantity of ganja seized)।

লগতে পঢ়ক : WATCH | Mangaldoi News: মঙলদৈ হাউলী মোহনপুৰত দৰং-ওদালগুৰি কৈৱৰ্ত সন্মিলনৰ অধিৱেশনৰ লাইখুঁটা স্থাপন