Large quantity of explosives in Mankachar: মানকাচৰত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী; গ্ৰেপ্তাৰ এজন

নিউজ ডেস্ক,১৬ডিচেম্বৰ : বৰবিলা আমটেঙা গাঁৱত মাজনিশা আৰক্ষীৰ অভিযান।অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰণ সামগ্ৰী। কালাপানী আৰক্ষী চকী এলেকাৰ অন্তৰ্গত বৰবিলা আমটেঙা গাঁৱত ইজাজুল মিয়া নামৰ এজন ব্যক্তিৰ ঘৰত অভিযান চলাই জব্দ কৰে বিস্ফোৰক সামগ্ৰীখিনি(Large quantity of explosives in Mankachar)।
উদ্ধাৰ হোৱা বিস্ফোৰক সামগ্ৰীখিনি মেঘালয়ৰ এজন গাৰো যুৱকৰ পৰা ৭০ হাজাৰ টকাত ক্ৰয় কৰিছিল বুলি আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিছে ধৃত লোকজনে ।
জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাব দাসৰ নেতৃত্বত লোকজনৰ ঘৰত চলোৱা হৈছিল অভিযান ।
আৰক্ষীয়ে বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক :Sensational incident : জাগীৰোডত ৰে’লৰ খুন্দাত নিহত পদপথৰ ব্যৱসায়ী